অসম

assam

By

Published : Jun 24, 2021, 9:44 PM IST

ETV Bharat / state

সত্র নগৰী মাজুলীত প্ৰকৃতিয়ে লৈছে অনন্য ৰূপ

ক'ভিড সৃষ্ট পৰিৱেশে চৌদিশে এক হতাশাৰ সৃষ্ট কৰাৰ সময়তে প্ৰকৃতিয়েও বিভিন্ন ধৰণে সলাইছে নিজৰ ৰূপ ৷ আংশিক লক ডাউনৰ প্ৰভাৱত কল-কাৰখানা, গাড়ী-মটৰ আদিৰ চলাচল বন্ধ হোৱাত আকৌ যেন অসমলৈ ঘূৰি আহিছে বিলুপ্তপ্ৰায় চৰাইবোৰ । এতিয়া মাজুলীৰ আকাশ বতাহ চৰাইৰ কাকলিৰে মুখৰিত হৈ পৰাত চৰাইবোৰক সুৰক্ষা দিয়াৰ বাবে আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমী সকলে ৷

Majuli
মাজুলী

মাজুলী, 24 জুন :সত্ৰ নগৰী মাজুলীত প্ৰকৃতিৰ অনন্য ৰূপ ৷ একাংশ লোকে প্ৰকৃতি ধ্বংস কৰি অহাৰ সময়তে সময়ে-সময়ে প্ৰকৃতিয়ে মানৱ জাতিক দেখুৱাই আহিছে নিজৰ মনোমোহা ৰূপ ৷ নানাৰঙী ফুল আৰু চৰাইৰ কাকলিৰে মুখৰিত হৈছে মাজুলীৰ প্ৰতিটো পুৱা ৷

প্ৰকৃতিৰ অনবৈদ্য অৱদানেৰে ভৰি পৰিছে মাজুলী ৷ এসময়ত গ্ৰামাঞ্চলৰ প্ৰতি ঘৰতে দেখিবলৈ পোৱা গৈছিল টোকোৰা চৰাই কিন্তু আজি বিলুপ্তিৰ গৰাহত এই চৰাইবিধ ৷ আন আন চৰাইৰ লগতে বিলুপ্তপ্ৰায় টোকোৰা চৰাইয়ে এতিয়া মাজুলীৰ তামোল-নাৰিকলৰ পাতত সাজিছে সপোনৰ ঘৰখন ৷

সত্র নগৰী মাজুলীত প্ৰকৃতিয়ে লৈছে অনন্য ৰূপ

বিশেষকৈ পৰিৱেশ প্ৰদূষণ, নগৰাঞ্চল বৃদ্ধি, গছ-গছনি হ্ৰাসৰ লগতে কৃষিভূমিৰ পৰিসৰ হ্ৰাস আদিয়ে এই চৰাইবিধৰ সংখ্যা কম হোৱাৰ প্ৰধান কাৰণ হিচাপে ধাৰণা কৰা হৈছে । পথাৰ আৰু গছ-গছনিৰ আলমতেই জীৱন নিৰ্বাহ কৰা এই প্ৰজাতিটো আজি বিপদাপন্ন হৈ পৰিছে । অসমকে আদি কৰি ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইতে পোৱা টোকোৰা চৰাইৰ আছে কেইবাটাও প্ৰজাতি ৷

টোকোৰা চৰাইয়ে নিজৰ বাঁহ সজাৰ কাম নিজে কৰে বাবে এই চৰাইটোক বহু লোকে ইঞ্জিনীয়াৰ চৰাই বুলিও কয় । সম্প্ৰতি ক'ভিড সৃষ্ট পৰিৱেশে চৌদিশে এক হতাশাৰ সৃষ্ট কৰাৰ সময়তে প্ৰকৃতিয়েও বিভিন্ন ধৰণে সলাইছে নিজৰ ৰূপ ৷ আংশিক লক ডাউনৰ প্ৰভাৱত কল-কাৰখানা, গাড়ী-মটৰ আদিৰ চলাচল বন্ধ হোৱাত আকৌ যেন অসমলৈ ঘূৰি আহিছে বিলুপ্তপ্ৰায় চৰাইবোৰ । এতিয়া মাজুলীৰ আকাশ-বতাহ চৰাইৰ কাকলিৰে মুখৰিত হৈ পৰাত চৰাইবোৰক সুৰক্ষা দিয়াৰ বাবে আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমী সকলে ৷

লগতে পঢ়ক:বিলুপ্তিৰ পথত পক্ষীকুলৰ অভিযন্তা খ্যাত টোকোৰা চৰাই

ABOUT THE AUTHOR

...view details