অসম

assam

ETV Bharat / state

Allegation against BJP: নামঘৰত বিজেপিৰ ৰাষ্ট্ৰীয় নেতাৰ ফটো লগাই ব্যক্তি পূজন, সৰ্বত্ৰে প্ৰতিক্ৰিয়া - গুৰু আসনৰ সন্মুখত ৰাষ্ট্ৰীয় নেতাৰ ফটোত বন্তি

মাজুলীৰ নামঘৰৰ গুৰু আসনৰ সন্মুখত ৰাষ্ট্ৰীয় নেতাৰ ফটোত বন্তি জ্বলাই সভা অনুষ্ঠিত কৰিলে বিজেপিয়ে ৷ এই কাৰ্যক লৈ মাজুলীৰ চৌদিশে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

Allegation against BJP insulting Guru Asana
নামঘৰৰ ভিতৰত বিজেপিৰ ৰাষ্ট্ৰীয় নেতাৰ ফটো লগাই ব্যক্তি পূজন

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 12:32 PM IST

Updated : Sep 15, 2023, 1:05 PM IST

নামঘৰত বিজেপিৰ ৰাষ্ট্ৰীয় নেতাৰ ফটো

মাজুলী, ১৫ ছেপ্টেম্বৰ : মাজুলীৰ নামঘৰৰ গুৰু আসনৰ সন্মুখত ৰাষ্ট্ৰীয় নেতাৰ ফটোত বন্তি জ্বলাই সভা অনুষ্ঠিত কৰিছে বিজেপিয়ে ৷ একাংশ বিজেপি নেতাৰ এই কর্মকাণ্ডই মাজুলীৰ সচেতন মহলক স্তম্ভিত কৰি তুলিছে । এইবাৰ মাজুলী বিজেপিৰ বুথ পৰ্যালোচনা সভাৰ নামত দলটোৰ এগৰাকী জিলাৰ শীৰ্ষ পৰ্যায়ৰ নেতাই নামঘৰৰ ভিতৰত বিজেপিৰ ৰাষ্ট্ৰীয় নেতাৰ ফটো লগাই ব্যক্তি পূজন কৰাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচত মাজুলীৰ সৰ্বত্ৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

এই কাৰ্যকলৈ বিভিন্ন জনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া আগবঢ়োৱাৰ লগতে সকলোৱে একেমুখে ধিক্কাৰ দিছে । মাজুলীৰ দৰে এক পবিত্ৰ ক্ষেত্ৰৰ নামঘৰৰ ভিতৰত গুৰু আসনৰ সন্মুখত ৰাজনৈতিক সভাত দলৰ ৰাষ্ট্ৰীয় নেতাৰ ফটোত ধূপ-ধূনা লগাই সভা অনুষ্ঠিত কৰাটো একেবাৰে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছে মাজুলীৰ সত্ৰৰ লোকসকলে ৷

নামঘৰৰ ভিতৰত বিজেপিৰ ৰাষ্ট্ৰীয় নেতাৰ ফটো লগাই ব্যক্তি পূজন

লগতে তেওঁলোকে কয়, ‘‘মাজুলীৰ দৰে পবিত্ৰ ক্ষেত্ৰক এনে কাৰ্যই কলংকৃত কৰিছে । নামঘৰত গুৰু আসনক পিঠি দি কাৰোবাৰ ফটো আঁৰি আৰতি কৰাটো আমাৰ ধৰ্মীয় পৰিপন্থী । মাজুলীৰ দৰে ঠাইত এয়া শোভা নাপায় । নতুন প্ৰজন্মই ইয়াৰ পৰা কি শিকিব‌ ? মহাপুৰুষীয়া পৰম্পৰা বিৰোধীৰ যিসকলে এনে কাৰ্য কৰিছে তেওঁলোকক নেদেখাজনে সুমতি প্ৰদান কৰক’’ ৷

জানিব পৰা মতে, মাজুলীৰ ফুলনিৰ ১২৮ নং বুথত বিজেপিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হৈছিল । উক্ত সভাত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী উপস্থিত আছিল । নেতাগৰাকীয়ে নিজৰ ফেচবুক একাউন্টৰ জৰিয়তে প্ৰচাৰ কৰা সভাখনৰ ফটোত শ্বেয়াৰ কৰিছিল ৷

বুথ পৰ্যালোচনা সভাখনৰ ফটো দেউৰীয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ পিচতেই মাজুলীত বিতৰ্কৰ সৃষ্টি হৈছে । কিয়নো বিজেপিৰ কৰ্মীসকলে শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, ভাৰত মাতাৰ ফটো থৈ বন্তি জ্বলাই এই বুথ সভাখন অনুষ্ঠিত কৰিছিল ৷ যাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক :Police firing in Dimahasao : আৰক্ষীৰ গুলীত নিহত DNLA উগ্ৰপন্থী সংগঠনৰ সদস্য

Last Updated : Sep 15, 2023, 1:05 PM IST

ABOUT THE AUTHOR

...view details