মাজুলী, ১৯ অক্টোবৰ : শংকৰদেৱক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত মুখ খুলিলে শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে (Controversy on Sankardev) । ননীগোপাল দেৱগোস্বামীৰ মতে, জনাৰ্দ্দন দেৱগোস্বামী সত্ৰাধিকাৰ নহয়, তেওঁ এজন সত্ৰীয়াহে (Dakhinpat Satra Majuli) । দক্ষিণপাট সত্ৰত এজনৰ জীৱিতকালত দ্বিতীয়জন সত্ৰধিকাৰ নাথাকে। জনাৰ্দ্দন দেৱগোস্বামী এজন সত্ৰীয়াহে । তেওঁ লগতে কয় যে সংবাদ মাধ্যম আৰু সত্ৰ মহাসভাইহে তেওঁক সত্ৰধিকাৰ সজাইছে ।
তেওঁৰ লগতে মন্তব্য, জনাৰ্দ্দন দেৱগোস্বামীৰ মন্তব্য দক্ষিণপাট মূল সত্ৰৰ সত্ৰাধিকাৰ বা বৈষ্ণৱৰ মন্তব্য নহয় বা এই ক্ষেত্ৰত তেওঁলোক সহমত নহয় (Nani Gopal Deva Goswami reacted on Sankardev controversy) । আনহাতে, শংকৰদেৱক যদি কোনো লোকে জগত গুৰু বুলি ক'বলৈ অস্বীকাৰ কৰে বা বেয়া পায়, তেন্তে তেওঁ মাজুলীৰ লগতে অসমৰ পৰা বাহিৰলৈ গুচি যাব লাগে ।
শংকৰদেৱ, হৰিদেৱ, দামোদৰদেৱ একে কায়া । গুৰুৰ ভিন্নতা নাই । দক্ষিণপাট সত্ৰই শংকৰদেৱৰ পৰম্পৰা জীয়াই ৰাখিছে । আনহাতে, জনাৰ্দ্দন দেৱগোস্বামীক মাতি আনি এক বৈষ্ণৱ সভাৰ যোগেদি অসম আৰু অসমীয়াৰ ক্ষতিকাৰক মন্তব্য নকৰিবলৈ সকীয়াই দিয়া বুলিও লগতে কয় ।