মাজুলী, ২৮ জানুৱাৰী:মাজুলী জিলাৰ গ্ৰামাঞ্চলত বহুতো প্ৰতিভাধৰ খেলুৱৈয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা বাবে সুপ্ত প্ৰতিভা বিকাশ কৰিব পৰা নাই । তেওঁলোক মাজে মাজে কিছু দূৰ আগবাঢ়ি আহিলেও প্ৰতিভা বিকাশত ব্য়াঘাত জন্মিছে । জিলাখনৰ গ্ৰাম্য সমাজত লুকাই থকা এনে প্ৰতিভাৰ আকৰসকলক চিনাক্ত কৰি এক উপযুক্ত সুযোগ দিয়াৰ বাবে বিজেপি চৰকাৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে । এইবাৰ এইক্ষেত্ৰত সহায়ৰ বাবে আগবাঢ়ি আহিছে সাংসদ প্ৰদান বৰুৱা (Sports material distributed in Majuli)।
লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই বিগত সময়চোৱাত মাজুলী বিধানসভা সমষ্টিৰ ভিন্ন অঞ্চলত ভ্ৰমণ কৰি ৰাইজৰ সমস্য়া সমাধানৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে (MP Pradan Baruah)। এই অভিযানত লগ পোৱা প্ৰতিভাধৰ খেলুৱৈসকলক উৎসাহ প্ৰদান কৰা দেখা গৈছে । কিছুদিন পূৰ্বে জেংৰাইমুখৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি জেংৰাইমুখৰ বক্সিং খেলুৱৈসকলে সন্মুখীন হৈ অহা সমস্য়াৰ বিষয়ে জানিবলৈ এক আলোচনাত মিলিত হয় সাংসদ প্ৰদান বৰুৱাই (MP Pradan Baruah distributed sports materials)। খেলুৱৈসকলে তেওঁলোকৰ লাগতিয়াল খেলৰ সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা আৰ্থিক সমস্য়াৰ বিষয়ে অৱগত কৰে । খেলুৱৈসকলে তেওঁলোকৰ অভাৱৰ বিষয়ে সবিশেষ উল্লেখ কৰাত তেওঁ খেলুৱৈসকলৰ সমস্য়া সমাধানৰ আশ্বাস প্ৰদান কৰে ।