মাজুলী, 6 অক্টোবৰ :মাজুলীত আকৌ কান্দোনৰ ৰোল । আজি আকৌ কান্দিব লগাত পৰিছে মাজুলীয়ালে ৷ কিয়নো অকালতে হেৰাই গ’ল মাজুলীৰ সংগীত জগতৰ উজ্বল এটি প্ৰতিভা ৷ নাম তেজস্বিতা বৰুৱা ৷ বুধবাৰে গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত অকাল মৃত্যুক সাৱটিব লগা হয় তেজস্বিতাই ।
হাস্পতালখনৰ চিকিৎসকৰ হেমাহিৰ বাবে তেজস্বিতাৰ মৃত্যু হোৱা বুলি অভিযোগ কৰিছে পৰিয়াল তথা আত্মীয়ই ৷ এই ঘটনা সন্দৰ্ভত ইতিমধ্যে বিভিন্ন জনে ভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ এই ঘটনা সন্দৰ্ভত তেজস্বিতাৰ মাতৃ আৰু পৰিয়াল লোকেও মুখ খুলিছে সংবাদ মাধ্যমৰ আগত ৷
মাতৃ আৰু পৰিয়াল লোকে বুধবাৰে প্ৰকৃততে কি হৈছিল হাস্পতালখনত, সকলো এফালৰ পৰা কৈ গৈছে (Mother reaction to Tejashwita Barua death) ৷ আনহাতে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাচতে ইতিমধ্যে নিলম্বন কৰা হৈছে হাস্পতালখনৰ অধ্যক্ষগৰাকীকো (Majuli district hospital superintendent suspended)।