মাজুলী, 9 অক্টোবৰ: 20201 ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দল সমুহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ এফালে যদি শাসকীয় দলৰ ন-ন আঁচনি ঘোষণা, আধাৰশিলা স্থাপনেৰে নিৰ্বাচনী চমক আনফালে আকৌ একাংশ নেতা পালিনেতাৰ মাজত আৰম্ভ হৈছে দল সলোৱা ৰাজনীতি ৷ ইয়াৰ মাজতে শুকুৰবাৰে মাজুলীত বিজেপিত যোগদান কৰিলে প্ৰায় পাঁচ শতাধিক কংগ্ৰেছী আৰু গণশক্তি দলৰ কৰ্মীয়ে ৷ এই ঘটনাই যেন এতিয়া মোক্ষম আঘাত হানিছে কংগ্ৰেছক ৷
উল্লেখ্য যে, শুকুৰবাৰে মাজুলী জিলাৰ পকাজৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত গেৰেকী মিছিং কৃষ্টি কেন্দ্ৰত পঞ্চায়তৰ সভাপতি অনন্ত ঙাটেৰ সভাপতিত্বত অনুস্থিত হোৱা এখন সভাত পঞ্চায়তৰ অন্তৰ্গত কংগ্ৰেছ দল আৰু গনশক্তি দলৰ প্ৰায় পাঁচ শতাধিক লোকে বিজেপিত যোগদান কৰে ৷ উক্ত সভাত উপস্থিত থাকে মাজুলী জিলা বিজেপিৰ সভাপতি লোকনাথ কুটুম, মাজুলী জিলা বিজিপিৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যিক কাৰ্য নিৰ্বাহক সদস্য দীপক গোস্বামী, জিলা বিজেপিৰ সম্পাদক দেৱ মুদৈ, অ.বি.চি উন্নয়ন বৰ্ডৰ অধ্যক্ষ বিমান হাজৰিকা, মাজুলী মধ্য মণ্ডলৰ সভাপতি মুনিন্দ বৰা ৷