মাজুলী, 14 জুলাই :মাজুলীৰ বিধায়ক ভুবন গামৰ উদ্যোগত বৃহস্পতিবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় । এই উপলক্ষে দুপৰীয়া মিলন সংঘত এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত মাজুলী জিলাৰ আৰক্ষী অধীক্ষক গৌতম বৰা, যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড৹ শুভলক্ষ্মী ৰাজকুমাৰী, বিশিষ্ট সমাজকৰ্মী বীৰেন শইকীয়াই অংশগ্ৰহণ কৰে ।
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ নম্বৰৰ ওপৰত নম্বৰ লাভ কৰা ৩৫০ জন মেধাৱী ছাত্ৰ-ছাত্ৰীক বিধায়ক ভুবন গামে সম্বৰ্ধনা জনায় । মাজুলীৰ কৃতী ছাত্ৰ-ছাত্ৰীক উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ আটাইতকৈ আকৰ্ষণীয় দিশ আছিল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ "অসামৰিক সেৱা পৰীক্ষা-২০২১"ত ৫০৬ সংখ্যক স্থানপ্ৰাপক শিল্পা খনিকৰৰ(Civil Services Examination-2021) সৈতে ছাত্ৰ-ছাত্ৰীৰ মত বিনিময় ।