মাজুলী, 5 মাৰ্চঃবৃহস্পতিবাৰ পৰা অৰ্থাৎ 5 মাৰ্চৰ পৰা ৪ দিনীয়াকৈ মাজুলীত অনুষ্ঠিত হৈছে মিচিং যুৱ মহোৎসৱ ৷ যাৰ বাবে উদুলি-মুদুলি জেংৰাইৰ পদুলি ৷ ঐনিতমৰ তালে তালে ককাল ভাঙিছে মিচিং ডেকা গাভৰুৱে ৷ বৃহস্পতিবাৰে প্ৰতিকূল বতৰকো নেওচি মাজুলীৰ জেংৰাই মুখৰ কুমাৰবাৰী চিমিৰ পথাৰত ওলাই আহিল হাজাৰ হাজাৰ মিচিং জনগোষ্ঠীয় লোক । অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী মিচিং সকলৰ বৃহৎ উৎসৱ যুৱ মহোৎসৱক লৈ এতিয়া খেৰকতীয়া নদীৰ পাৰত উখল মাখল পৰিৱেশ । যুৱ শক্তিৰ মাজলৈ মিচিং জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, ঐতিহ্য-পৰম্পৰাৰ গুৰুত্ব, তাৎপৰ্য তথা মিচিং সমাজ জীৱনক অধিক টনকিয়াল কৰি তোলাৰ উদ্দেশ্যেৰে আয়োজিত এই যুৱ মহোৎসৱ চাৰিদিনীয়া কাৰ্যসূচীৰ বৃহস্পতিবাৰে উদ্বোধন কৰে অনুষ্ঠানৰ । পুৱা ৯.৩০ বজাত পতাকা উত্তোলন, প্ৰদৰ্শনীৰ দুৱাৰ মুকলি ,খাদ্য সম্ভাৰ মুকলি, মূলমঞ্চ উদ্ধোধনৰ লগতে এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয় ।
মাজুলীত চাৰিদিনীয়া কাৰ্যসূচীৰে "মিচিং যুৱ মহোৎসৱ" - মাজুলী
মাজুলীৰ জেংৰাইত ঐনিতমৰ তালে তালে ককাল ভাঙিছে মিচিং ডেকা গাভৰুৱে ৷ 5 মাৰ্চৰ পৰা ৪ দিনিয়াকৈ অনুষ্ঠিত মিচিং যুৱ মহোৎসৱ উপলক্ষে প্ৰতিকূল বতৰকো নেওচি ওলাই আহিছে হাজাৰ হাজাৰ মিচিং জনগোষ্ঠীয় লোক ৷
মাজুলীত "মিচিং যুৱ মহোৎসৱ"
আনহাতে, অন্তিম দিনৰ কাৰ্যসূচীত উষা মংগেশ্বকাৰ, তৰুলতা কুটুমকে ধৰি অসমৰ বহু প্ৰতিস্থিত শিল্পীয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।