অসম

assam

ETV Bharat / state

Demand for Misisng medium: ৰাজ্যত 1700 মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ দাবী বাংকে আগম কেবাঙৰ - Demand for recruitment of Mising teacher

কেইবাটাও দাবী লৈ মাজুলীত সংবাদমেল সম্বোধন বাংকে আগম কেবাঙৰ (Mising Agom Kebang) চাৰিখন সমিতিৰ ৷ অতি শীঘ্ৰে মিচিং বসতি প্ৰধান অঞ্চল সমূহত প্ৰাথমিক পৰ্যায়লৈকে মিচিং ভাষাৰ মাধ্যম প্ৰৱৰ্তনৰ বাবে চৰকাৰলৈ দাবী (Demand for Misisng medium) ৷

Mising Agom Kebang
মাজুলীত বাংকে আগম কেবাঙৰ সংবাদমেল

By

Published : Jan 3, 2023, 5:12 PM IST

মাজুলীত বাংকে আগম কেবাঙৰ সংবাদমেল

মাজুলী, 3 জানুৱাৰী: বিভিন্ন বিষয়ক লৈ চৰকাৰক ক্ষূৰধাৰ সমালোচনাৰে মধ্য মাজুলীৰ বাংকে আগম কেবাঙৰ চাৰিখন সমিতিৰ ৰঙাচাহী মিচিং গাৱঁত সংবাদমেল (Banke Agom Kebang)। অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং লোক সকলক চৰকাৰ বাৰে বাৰে প্ৰতাৰণা কৰি থকাৰ অভিযোগ বাংকে আগম কেবাঙৰ । আজি এক সংবাদমেলত বিশেষকৈ ভাৰতে স্বাধীনতা লাভ কৰাৰ 75 বছৰৰ পাচতো ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 350 কাৰ্যকৰীকৰণ নোহোৱাৰ অভিযোগ তোলে বাংকে আগম কেবাঙে । মিচিং সকলৰ দাবী সমূহৰ ভিতৰত অন্যতম আছিল এই দাবী (Demands of the Mising tribes) ৷

অতি সোনকালে ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি 2020 ৰ দফা ৪১১ আৰু ৪১২ ত উল্লেখ তথা নিৰ্দেশক্ৰমে প্ৰাথমিক পৰ্যায়ত পঞ্চম শ্ৰেণীলৈকে শিক্ষা মাধ্যম প্ৰৱৰ্তন কৰি পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ দাবী তোলে কেবাঙে (Demand for recruitment of Mising teacher)৷ ২০২২ বৰ্ষৰ ৭ ফ্ৰেব্ৰুৱাৰী তাৰিখে শিক্ষামন্ত্ৰীৰ নেতৃত্বত শিক্ষা বিষয়াসকল আৰু INDIGENOUS TRIBAL SAHITYA SABHA চমুকৈ ITSSA ৰ প্ৰতিনিধি সকলৰ সিদ্ধান্ত মৰ্মে প্ৰকাশ পোৱা মাইনুটচৰ সকলো দফা কাৰ্যকৰী কৰাৰো দাবী তোলে তেওঁলোকে ।

জোনাইত টি.এম.পি.কেৰ সোণালী জয়ন্তী অধিৱেশনত বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তদানীন্তন শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, মিচিং সকলক নিজ মাতৃভাষাৰ জড়িয়তে শিক্ষাদানৰ ব্যৱস্থা আৰু ভাষা শিক্ষক নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছে ৷ কিন্তু বৰ্তমানলৈকে কাৰ্যকৰী নকৰিলে চৰকাৰে । সেয়েহে সেই সময়ত যি প্ৰতিশ্ৰুতি দিছিল সেই কথা মনত পেলাবলৈ দাবী জনোৱাৰ লগতে মিচিং সমাজক কিমান পিছুৱাই থৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সেয়া অনুভৱ কৰিবলৈ কয় কেবাঙে ।

সংবাদমেলৰ জড়িয়তে অসম চৰকাৰলৈ অনুৰোধ জনাই কেবাঙৰ বিষয়ববীয়াই কয়,‘‘চৰকাৰ আমাৰ অভিভাৱক, গতিকে ১ লাখ নিযুক্তিৰ ভিতৰত মিচিং সম্পদায়ৰ লোকক মাত্ৰ ১৭০০ টা পদ সৃষ্টি কৰি নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰক’’ ।

একেই জনগোষ্ঠী, একেই অসমভূমিত জনজাতীয় বড়োসকলৰ বাবে যদি চৰকাৰে মাধ্যম প্ৰৱৰ্তন আৰু শিক্ষক নিযুক্তিৰ ব্যৱস্থা কাৰ্যকৰী কৰিব পাৰে তেন্তে মিচিং সকলৰ বাবে কৰিব নোৱৰাৰ কাৰণ কি থাকিব পাৰে বুলি কেবাঙে প্ৰশ্ন তোলে । এই সম্পৰ্কত ২০২৩ চনৰ ভিতৰতে অসম চৰকাৰক কেবিনেট বহুৱাই ৰাজ্যপালৰ স্বাক্ষৰৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷

যদিহে এই বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত অসম চৰকাৰে এই দাবী সমূহৰ সিদ্ধান্ত গ্ৰহণ নকৰে, তেন্তে ফ্ৰেব্ৰুৱৰী মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক দিল্লীত লগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবাঙৰ নেতা-সদস্যসকলে ।

লগতে পঢ়ক:JPP merged programme: আজি সন্ধিয়া বিজেপিত চামিল হ’ব দেউৰী আঞ্চলিক শক্তি জিম'চাঁয়া

ABOUT THE AUTHOR

...view details