অসম

assam

মাজুলী উপ নিৰ্বাচনত দিনৰ পোহৰৰ দৰে জয় হোৱাটো নিশ্চিত : মন্ত্ৰী পীযুষ হাজৰিকা

By

Published : Feb 20, 2022, 7:45 PM IST

Updated : Feb 20, 2022, 8:46 PM IST

মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাই মাজুলী উপ-নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰা আন আন দলক নাম উল্লেখ নকৰাকৈ ৰাজনৈতিক খেলত নতুন বুলি কোৱাৰ উপৰিও ছিজনেল ফ্লাৱাৰ বুলি কয় মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Piyush Hazarika in Majuli to campaign for Majuli bypoll ) ৷

minister-piyush-hazarika-in-majuli-to-campaign-for-majuli-bypoll
মাজুলী উপ নিৰ্বাচনত দিনৰ পোহৰৰ দৰে জয় হোৱাটো নিশ্চিত : মন্ত্ৰী পীযুষ হাজৰিকাই

যোৰহাট, 20 ফেব্ৰুৱাৰী :যিমানেই উপ-নিবাচনৰ দিন চমু চাপিছে সিমানেই বিভিন্ন ৰাজনৈতিক দলৰ খদমদম মাজুলীত ৷ প্ৰতিটো ৰাজনৈতিক দলৰ নেতাই সম্প্ৰতি ভিৰ কৰিছেগৈ সত্ৰনগৰী মাজুলী (Majuli By Election 2022) ৷ শেহতীয়াকৈ মাজুলীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰী জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ৷ দেওবাৰে মাজুলীৰ পৰা যাত্ৰা কৰি নিমাতি ঘাটত উপস্থিত হৈ ডাইনী গাঁৱৰ অঞ্চলত নৱ-নিৰ্মিত জিঅ-বেগৰ বান্ধটো পৰিদৰ্শন কৰে ।

মাজুলী উপ নিৰ্বাচনত দিনৰ পোহৰৰ দৰে জয় হোৱাটো নিশ্চিত

সমাগত বাৰিষাৰ সময়ত ৰাজ্যখনত আহিবলগীয়া বানপানী পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তাৰ বাবে উঠি পৰি লাগিছে জল সম্পদ বিভাগ । বিভাগীয় মন্ত্ৰীও ব্যস্ত এতিয়া বিভিন্ন ঠাইত নিৰ্মাণ হৈ থকা বান্ধ পৰিদৰ্শন কৰাত । দেওবাৰে ডাইনীগাঁৱত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰায় 250 মিটাৰ দৈৰ্ঘ্যৰ আৰু 4 কোটি অধিক ধনৰে নিৰ্মাণ হৈ থকা বান্ধটো পৰিদৰ্শন কৰে ৷ উল্লেখ্য যে মাজুলীত বিগত ব্ৰহ্মপুত্ৰৰ বানপানী সময়ছোৱাত এই ডাইনী গাঁৱতে গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল ।

পিছে মাজুলীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰে মতামত হোৱা সময়ত উল্লেখ কৰি জনাই যে আগন্তুক মাজুলী উপ নিৰ্বাচনত দিনৰ পোহৰৰ দৰে জয় হোৱাটো নিশ্চিত (Minister Piyush Hazarika in Majuli to campaign for Majuli bypoll ) । আনহাতে প্ৰায় 60 হাজাৰ অধিক ভোটৰ ব্যৱধানত জয় হোৱাটো নিশ্চিত বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । ইয়াৰ উপৰিও মাজুলী উপ-নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰা আন আন দলক নাম উল্লেখ নকৰাকৈ ৰাজনৈতিক খেলত নতুন বুলি কোৱাৰ উপৰিও ছিজনেল ফ্লাৱাৰ বুলিও কয় । তদুপৰি এই বছৰত মাজুলীত বানপানী 70 শতাংশ হ্ৰাস পাব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :Majuli By Election 2022 : মাজুলীত উপস্থিত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা

Last Updated : Feb 20, 2022, 8:46 PM IST

ABOUT THE AUTHOR

...view details