মাজুলী,7 অক্টোবৰ : ৰাজ্যৰ ভিতৰতে মাজুলীৰ স্বাস্থ্যখণ্ডৰ কিয় পয়ালগা অৱস্থা হৈছে ! অন্য জিলাৰ তুলনাত মাজুলী জিলাৰ চৰকাৰী চিকিৎসালয়ত অধিক সুবিধা থকাৰ পাচতো কিয় ৰাইজে সুফল পোৱা নাই ! তাৰ ৰহস্য ফাদিল কৰিলে স্বয়ং স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷
শনিবাৰে মাজুলীৰ 50 খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি অসহায় মন্তব্য স্বাস্থ্যমন্ত্ৰীৰ ৷ মাজুলীৰ স্বাস্থ্যখণ্ডৰ দুৰৱস্থাক লৈ মন্ত্ৰী কেশৱ মহন্তই কলে,‘‘ মাজুলীলৈ আহিব নিবিচাৰে চিকিৎসক ৷ চিকিৎসক যদি আমি পঠিয়াও তেতিয়া হ’লে কেইদিনমান কাম কৰি গুচি যায় ৷ লগতে পদত্যাগ কৰে চিকিৎসকে ৷’’
তেওঁ লগতে কয়, ‘‘যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা টেকনিচিয়ান পঠিয়াও কিন্তু আহিব নিবিচাৰে ৷ মাত্ৰ দুদিন-তিনিদিন কাম কৰিয়ে ঘুৰি যায় ৷ আমি বাধ্যতামূলক কৰিব বিচাৰিলে পদত্যাগ কৰে ৷ আন জিলাৰ তুলনাত মাজুলীলৈ জোৰা-তাপলি মাৰি ব্যৱস্থা কৰি দিও কিন্তু মানুহ নাহে ৷’’