মাজুলী, ১২ ডিচেম্বৰ : মঙলবাৰে মাজুলীত উপস্থিত হয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱা । এখন বিশেষ ফেৰীৰে যোৰহাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটত উপস্থিত হয় মন্ত্ৰীগৰাকী । মাজুলীত উপস্থিত হোৱাৰ পিছত মন্ত্ৰীগৰাকীয়ে পোনে পোনে গৈ উপায়ুক্তৰ সভাকক্ষত বিভাগীয় কৰ্তৃপক্ষৰ লগত জল জীৱন মিছনৰ লগতে আন কিছু বিষয়ৰ ওপৰত আলোচনা কৰে ।
আনহাতে, মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই নিজে স্বীকাৰ কৰে মাজুলীত জল জীৱন মিছনত সংঘটিত ভয়াৱহ দুৰ্নীতিৰ কথা । তাৰ বাবে মাজুলীত উপস্থিত হৈ প্ৰতিখন আঁচনিৰ খতিয়ান লয় মন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কয় যে মাজুলীৰ জল জীৱন মিছনত যিবোৰ আসোঁৱাহ দেখা দিছে সেইবোৰ নিৰ্দিষ্ট সময়ত সমাধান কৰা হ'ব ।
লগতে আঁচনিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যিবোৰ সমস্যাই দেখা গৈছে সেয়াও সমাধানৰ চেষ্টা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । ইয়াৰ বাবে বিভিন্ন বিভাগৰ অভিযন্তাসকলে বিভিন্ন আঁচনিৰ সমীক্ষা চলাই থকা বুলিও মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই উল্লেখ কৰে । আনহাতে, ২০২৪ চনত মাজুলীৰ প্ৰতিটো পৰিয়ালয়ে বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।