মাজুলী, 18 জুলাই:শনিবাৰে মাজুলীত উপস্থিত হয় মাজুলীৰ (MAJULI) অভিভাৱক মন্ত্ৰী বিমল বৰা (BIMOL BORAH )। মাজুলীত উপস্থিত হৈয়ে মন্ত্ৰী গৰাকীয়ে কেইবাটাও আঁচনিত অংশগ্ৰহণ কৰে ৷ মাজুলীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কয়, "ক'ভিড মহামাৰীত (COVID-19) আপোনজনক হেৰুৱাটো অতি বেদনাদায়ক আমাৰ সকলোৰে বাবে ৷ সেই বাবেই অসম চৰকাৰে আনিছে এক বিশেষ আঁচনি ৷ এই কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ক'ভিড-১৯ (covid-19) বিধৱা সাহাৰ্য আঁচনি আনিছে ।"
উল্লেখযোগ্য যে, মহামাৰী ক'ভিডত স্বামীহাৰা হোৱা মহিলা সকলৰ মৰ্মবেদনা উপলব্ধি কৰি তেখেতসকলৰ সামাজিক আৰু আর্থিক নিৰাপত্তা প্রদানৰ স্বাৰ্থত মুকলি কৰা "মুখ্যমন্ত্ৰী ক'ভিড-১৯ বিধৱা সাহাৰ্য আঁচনি" খনৰ যোগেদি সেই সকল মহিলালৈ ২.৫০ লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে । সেই অনুসৰি শনিবাৰে মাজুলী জিলা উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই মুখ্যমন্ত্রীৰ সাহাৰ্য পুঁজিৰ অধীনত জিলাখনৰ 4 গৰাকী বিধৱা মহিলালৈ এককালীন সাহাৰ্য আগবঢ়ায় ৷