মাজুলী,১৫ নৱেম্বৰ :কেৱল চৰকাৰী চাকৰিলৈ বাট চাই নাথাকি কৃষিকৰ্মৰে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে অসমৰ বহু শিক্ষিত যুৱক-যুৱতী । এইবাৰ ৰঙালাও খেতিৰে স্বাৱলম্বী হৈছে উজনি মাজুলীৰ মোৱামাৰি গাঁৱৰ মিনম পেগু নামৰ এজন যুৱক (Majuli boy self reliant with agriculture) ৷ যুৱকজনে সোনাৰীচাপৰিৰ সমীপৰ দদাবাৰীত ১৬ বিঘা মাটিত ৯,০০০ জোপা ৰঙলাও খেতি কৰি স্বাৱলম্বিতাৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিছে ।
উল্লেখ্য যে নদী দ্বীপ মাজুলীত নাই কোনো বৃহৎ উদ্যোগ, বৃহৎ প্ৰতিস্থান, যাৰ বাবে মাজুলীত নিৱনুৱা সমস্যাই ভয়ংকৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷ চৰকাৰী খণ্ডত শিক্ষকতা কৰা লোকৰ সংখ্যাই সৰ্বাধিক জিলাখনত ৷ তিনি শতাধিক গাঁৱক লৈ গঠিত জিলা খন প্ৰধানকৈ কৃষি প্ৰধান যদিও নিদিৰ্ষ্ট বয়সৰ লোকহে জড়িত কৃষি কৰ্মত ৷ শিক্ষা শেষ কৰাৰ পাছত অথবা পঢ়ি থকা কালতেই মাজুলীৰ বাহিৰত থাকিবলৈ লোৱা বহু যুৱকেই বহি:জিলাতেই বিভিন্ন উদ্যোগত কাম কৰি পৰিয়াল পোহপাল দিব লগা হয় ৷
বহু যুৱকে আকৌ উচ্চ শিক্ষা গ্ৰহণৰ পাছত বহি:ৰাজ্যলৈ গৈ ধন উপাৰ্জনৰ বাবে ছিকিউৰ্ৰিটী গাৰ্ডকে ধৰি বিভিন্ন ব্যক্তিগত প্ৰতিস্থানত কাম কৰে । শিক্ষা শেষ কৰাৰ পাছত কম সংখ্যক যুৱকেই গাঁৱত থাকি কৃষি কৰ্মত জড়িত হৈ নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ কঠোৰ সংগ্ৰাম অব্যাহত ৰাখিছে ৷