মাজুলী, ৩ ডিচেম্বৰ : সত্ৰ নগৰী মাজুলীত এতিয়া প্ৰকৃতিয়ে লৈছে এক অনন্য ৰূপ (unique form of nature in Majuli) । বাৰিষা পানীৰে উপচি থকা ৰাজ্যৰ জলাশয়বোৰ এতিয়া ক্ৰমাৎ শুকাই গৈছে । এই নদ-নদী, জলাশয়বোৰলৈ বৰ্তমান আগমন ঘটিছে হাজাৰ-বিজাৰ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ (Migratory birds to Assam water body) ।
ব্যতিক্ৰম নহয় সত্ৰ নগৰী মাজুলীও । মাজুলীৰ খাল, বিল, জলাশয়বোৰলৈও আগমন ঘটিছে বিভিন্ন প্ৰজাতিৰ চৰাই । এতিয়া পুৱা-গধূলি পক্ষীৰ কাকলিত মুখৰিত হয় সত্ৰ নগৰী মাজুলীৰ আকাশ-বতাহ (Migratory birds to Majuli) । কানাডা, অষ্ট্ৰেলিয়া, চাইব্ৰেৰিয়াকে আদি কৰি বিভিন্ন ঠাইৰ পৰা অহা পৰিভ্ৰমী চৰাইৰে উপচি পৰিছে মাজুলীৰ বিল, জলাশয়সমূহ । আনহাতে, নদ-নদী, জলাশয়বোৰলৈ অহা এই পৰিভ্ৰমী চৰাই প্ৰত্যক্ষ কৰিবলৈ বিভিন্নজনৰ আগমন হৈছে এই স্থানবোৰলৈ ।
লগতে কেমেৰাৰ লেন্সত বন্দী কৰে জাক পাতি থকা চৰাইৰ নয়নাভিৰাম দৃশ্য । কিন্তু অতি দুখৰ কথা যে এই জলাশয়বোৰলৈ আগমন ঘটা প্ৰৰিভ্ৰমী চৰাইবোৰ ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিছে । ইয়াৰ প্ৰধান কাৰণ হৈছে প্ৰদূষণ (migratory birds reduces due to pollution) । তাৰ উপৰি একাংশ দুষ্ট প্ৰকৃতিৰ লোকৰ অসৎ মনোভাবৰ বাবেও ক্ৰমান্বয়ে হ্ৰাস পাইছে এই পৰিভ্ৰমী পক্ষীৰ আগমন । বিষাক্ত দ্ৰব্য দি পৰিভ্ৰমী পক্ষী নিধন কৰি আহিছে এচাম দুষ্টচক্ৰই (migratory birds killed in Majuli) ।