অসম

assam

ETV Bharat / state

মাজুলী চামগুৰি সত্ৰৰ সপ্তম জনা সত্ৰাধিকাৰ নগেন চন্দ্ৰ গোস্বামীক নিৰ্মালি প্ৰদান - সত্ৰাধিকাৰ নগেন চন্দ্ৰ গোস্বামী

আনহাতে ডেকা সত্ৰাধিকাৰ তিলক গোস্বামীক নিৰ্মালী প্ৰদান কৰে নৱনিযুক্ত সত্ৰাধিকাৰ নগেন চন্দ্ৰ গোস্বামীয়ে । এই নিৰ্মালী প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসমৰ চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নব কুমাৰ দলে আৰু বিধায়ক বিমল বৰা ৷

নগেন চন্দ্ৰ গোস্বামী

By

Published : Nov 10, 2019, 6:48 PM IST

মাজুলী, 10 নৱেম্বৰ: মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ সপ্তমজনা সত্ৰাধিকাৰ হিচাপে দেওবাৰে নিৰ্মালী গ্ৰহণ কৰে নগেন চন্দ্ৰ গোস্বামীয়ে ৷ সত্ৰখনৰ ষষ্ঠ জনা সত্ৰাধিকাৰ বিশিষ্ট মুখা শিল্পী কোষকান্ত দেৱ গোস্বামীৰ মৃত্যুৰ পিচত খালী আসনখন পূৰণৰ বাবে নগাঁও চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বৃন্দাবন গোস্বামীয়ে নগেন চন্দ্ৰ গোস্বামীক সত্ৰাধিকাৰৰ নিৰ্মালী প্ৰদান কৰে ৷

নগেন চন্দ্ৰ গোস্বামী

আনহাতে ডেকা সত্ৰাধিকাৰ তিলক গোস্বামীক নিৰ্মালী প্ৰদান কৰে নৱনিযুক্ত সত্ৰাধিকাৰ নগেন চন্দ্ৰ গোস্বামীয়ে । এই নিৰ্মালী প্ৰদান অনুষ্ঠানত উপস্থিত অসমৰ চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নব কুমাৰ দলে আৰু বিধায়ক বিমল বৰা।

উল্লেখ্য যে, ১৬৬৩ চনতে প্ৰতিষ্ঠা হোৱা সত্ৰখনৰ কতৃপক্ষই সত্ৰাধিকাৰৰ বংশৰ পৰা জেষ্ঠতা অনুসৰি সত্ৰাধিকাৰৰ নিৰ্মালী প্ৰদান কৰে। দেওবাৰে পুৱাৰে পৰা নাম প্ৰসংগৰে মুখৰিত হৈ আছে চামগুৰি সত্ৰ।

আৰু পঢ়ক: শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ অধিৱেশনক লৈ ব্যস্ত বিশেষ ভকত বৈষ্ণৱগৰাকী

ABOUT THE AUTHOR

...view details