মাজুলী, 30 জুন : কণ কণ ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী ৰতনপুৰ গায়ন শংকৰদেৱ শিশু নিকেতনত দুদিনীয়াকৈ আয়োজন কৰা হয় মাতৃ সন্মিলন (Matri Sanmilan held at Ratanpur Gayan Sankardev Sishu Niketan)। দুদিনীয়াকৈ আয়োজিত মাতৃ সন্মিলনত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷
এই অনুষ্ঠানতে নৃত্য, গীতকে ধৰি জাতীয় সংস্কৃতিৰ লগত কণ কণ ছাত্ৰ-ছাত্ৰীক পৰিচয় কৰি দিয়াৰ উদ্দেশ্য এক সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয় ৷ ইয়াৰ লগতে শিক্ষাৰ্থীৰ বৌদ্ধিক আৰু মানসিক বিকাশত মাতৃৰ ভূমিকা শিৰ্ষক এটি আলোচনা চক্ৰও আয়োজিত কৰা হয় ।