মাজুলী,২১ জুলাই:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰতত প্ৰতিঘৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকে চৰকাৰী পকীঘৰ লাভ কৰাৰ দিশত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কাম কৰি থকাৰ সময়তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদানৰ নামত ব্যাপক দুৰ্নীতিৰ সংঘটিত হোৱাৰ অভিযোগ উঠিছে(Allegations of rampant corruption in Majuli panchayat) । বিশেষকৈ মাজুলী জিলাৰ পঞ্চায়ত সমূহে উক্ত আৱাস যোজনাৰ ঘৰ প্ৰদানৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ খবৰ পোহৰলৈ আহিছে ।
সেই অনুসৰি মধ্য মাজুলীৰ পকাজৰা পঞ্চায়তত আৱাস যোজনাৰ সদ্য প্ৰকাশিত নাম তালিকাত প্ৰকৃত দুখীয়া লোক বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । এই লৈ বৃহস্পতিবাৰে মাজুলী পকাজৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত খলিহামাৰী তিনিআলিত অৰুনোদয়কে আদি কৰি চৰকাৰী আৱাস যোজনাৰ ঘৰৰ পৰা বঞ্চিত লোকে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে(People protest against Panchayat in Majuli) । পকাজৰা পঞ্চায়তৰ ৭ আৰু ৮ নম্বৰ ৱাৰ্ডৰ উক্ত ৰাইজে পকাজৰা পঞ্চায়তৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰে(Real beneficiary deprived of various schemes) ।