মাজুলী,18 ডিচেম্বৰ : মাজুলীৰ মানিক হাউলীত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ড ৷ কোনোমতে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া সঞ্জীৱ দলে নামৰ লোক জনৰ ভঁৰাল ঘৰৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷
মাজুলীৰ মানিক হাউলীত ভয়াৱহ অগ্নিকাণ্ড - মানিক হাউলী
বৃহস্পতিবাৰে নিশা মাজুলীৰ মানিক হাউলীত ভয়াৱহ অগ্নিকাণ্ড ৷ এজন লোকৰ ভঁৰাল ঘৰৰ পৰা জুইৰ সূত্ৰপাত ৷ অগ্নিনিৰ্বাপক বাহিনী উপস্থিতিত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন ৷
![মাজুলীৰ মানিক হাউলীত ভয়াৱহ অগ্নিকাণ্ড majuli fire](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9918376-thumbnail-3x2-m.jpg)
মাজুলীত অগ্নিকাণ্ড
নিশা 8.30 বজাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ বৰ্তমানো কাৰণ জানিব পৰা নাই ৷ অগ্নিকাণ্ডৰ ফলত দুখীয়া পৰিয়ালটোৰ ভঁৰাল ঘৰ আৰু আৱাস গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক :বিটিআৰ পৰিষদৰ কাৰ্যবাহী সদস্য পদত পুনৰ চাৰিগৰাকীক মনোনিত