অসম

assam

ETV Bharat / state

মাজুলীত কৰ’ণাৰ গণ সংক্রমণ

মাজুলীৰ ২নং কুঁহিয়াৰবাৰী গাঁৱত ক’ভিড-19 ৰ গণ সংক্ৰমণ ৷ গাঁৱখনৰ ২৫ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ অৱস্থিতি ৷

mass-spreading-of-covid-19-in-majuli
মাজুলীত কৰ’ণাৰ গণ সংক্রমণ

By

Published : May 10, 2021, 8:23 PM IST

মাজুলী,10 মে': ৰাজ্যত ক্ৰমাৎ অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ সমান্তৰালভাৱে গণ সংক্ৰমণৰ দিশে গতি কৰিছে মাজুলীৰ ২নং কুঁহিয়াৰবাৰী গাঁও ৷ এই পৰ্যন্ত গাঁৱখনৰ ৬৫ গৰাকী লোকক কৰা ক’ভিড টেষ্টত ২৫ জনৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ অৱস্থিতি ।

উল্লেখ্য যে, যোৱা কেইদিনমানৰ আগত দক্ষিণপাটত মাজুলী-নিমাতী দলং নিৰ্মাণ কোম্পানীত কাম কৰিবলৈ বাবে অহা বহুকেইজন লোকৰ দেহত ক'ভিড-19 ৰ অৱস্থিতি ধৰা পৰিছিল ৷

মাজুলীত কৰ’ণাৰ গণ সংক্রমণ

এই দলং নিৰ্মাণ কোম্পানীত কৰ্মৰত আছিল ২নং কুহিয়াবাৰী গাঁৱৰ এজন যুৱক । কিছুদিন পূৰ্বে 2 নং কুঁহিয়াৰবাৰী গাঁৱত অনুষ্ঠিত এখন বিবাহৰ বাবে গাঁৱলৈ আহিছিল দলং নিৰ্মাণৰ জড়িত থকা এই যুৱকজন ৷ এই যুৱকজনৰ পৰাই গণ সংক্ৰমণৰ আশংকা কৰা হৈছে ৷

লগতে পঢ়ক :ক'ভিড-১৯: বিগত ২৪ ঘণ্টাত মিজোৰামত ৫ জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details