মাজুলী, 26 জানুৱাৰী : ৰাজ্যবাসীলৈ সুখবৰ ৷ গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত দেশৰ গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰিলে 2023 বৰ্ষৰ পদ্ম সন্মান প্ৰাপকৰ নাম (Padma Awards 2023) ৷ বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰিলে 2023 বৰ্ষৰ বাবে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী প্ৰাপকৰ নাম (Padma Shri 2023) ৷ দেশৰ 6 গৰাকী ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিলৈ পদ্ম বিভূষণ, 9 গৰাকীলৈ পদ্মভূষণ আৰু সৰ্বমুঠ 91 গৰাকীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে ৷ 91 গৰাকীৰ ভিতৰত অসমৰ তিনিগৰাকীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান (Padma Shri 2023 to Assamese) ৷
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ লগতে মাজুলীবাসীলৈও আহিছে ভাল খবৰ (74th Republic day) । কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মান আগবঢ়াইছে মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পী হেমচন্দ্ৰ গোস্বামী লৈ ৷ মাজুলীৰ মুখা শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা সংগীত নাটক একাডেমী বঁটা প্ৰাপক নতুন চামগুৰি সত্ৰৰ ড৹ হেমচন্দ্ৰ গোস্বামী দেৱক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে কেন্দ্ৰীয় চৰকাৰে (Mask artist Hemchandra Goswami awarded Padma Shri) । এই বঁটা লাভ কৰাৰ খবৰ পোৱাৰ পাছতে উৎফুল্লিত হৈ পৰিছে হেমচন্দ্ৰ গোস্বামীৰ লগতে সমগ্ৰ অসমবাসী ৰাইজ তথা মাজুলীবাসী (Three Assamese awarded Padma Shri) ৷
চামগুৰি সত্ৰৰ মুখাশিল্পী ড৹ হেমচন্দ্ৰ গোস্বামীলৈ এই সন্মান ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এই সন্মান পোৱাৰ বাবে ভাল লগিছে ৷ লগতে মুখাশিল্পী গৰাকীয়ে কয় যে, সৎ কৰ্ম কৰিব লাগে, কৰ্মৰ ফল এদিন পোৱা যায় । 2023 বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা পদ্মশ্ৰী সন্মান গুৰুজনালৈ অৰ্পণ কৰি মুখাশিল্পী গৰাকীয়ে উল্লেখ কৰে যে, মহাপুৰুষ শংকৰদেৱে এই মহান সৃষ্টিৰাজি অসম বাসীক দি থৈ গ’ল, সেই বিদ্যাই সন্মান, সেই মুখাশিল্পই সন্মান বুলি কয় চামগুৰি সত্ৰৰ মুখাশিল্পী ড৹ হেমচন্দ্ৰ গোস্বামীয়ে ।