মাজুলী,২৮ আগষ্ট:ভদীয়া বানৰ (Flood) কৱলত সত্র নগৰী মাজুলী । যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰকে ধৰি আন আন সৰু বৰ নৈসমূহ । সত্র নগৰী মাজুলীৰো বহু কেইখন গাঁও ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ।
পুৱাৰ পৰা মাজুলীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ (Water level of Brahmaputra) বিপদসীমাৰ ওপৰেৰে বৈছে । বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে মাজুলীৰ নৈ পৰীয়া বহু কেইখনো গাঁও । মাজুলী আহতগুৰি পঞ্চায়ত সম্পূৰ্ণৰূপে বানৰ কৱলত পৰিছে বুলি জানিব পৰা গৈছে । আহতগুৰি পঞ্চায়তৰ পঞ্চায়ত গৃহ, বাট-পথ, গাঁৱৰ ৰাইজৰ ঘৰ-দুৱাৰ প্লাৱিত হোৱাত এতিয়া হাহাকাৰ পৰিৱেশ জনসাধাৰণৰ মাজত ।
গাঁওবাসীয়ে গৰু-ছাগলীকে ধৰি পোহনীয়া জন্তুবোৰক ওখ স্থানলৈ স্থানান্তৰিত কৰিছে । বহু পৰিয়ালে আকৌ ঘৰৰ ভিতৰতে ওখ চাং পাতি কোনো মতে দিন-ৰাতি পাৰ কৰিছে । ইফালে অঞ্চলটোৰ লোক সকলৰ খোৱা খাদ্যকে ধৰি অত্যাৱশ্যকীয় সামগীৰ অভাৱ হোৱা দেখা গৈছে । সমান্তৰালকৈ পশু খাদ্যৰ নাটনি, চিকিৎসা আৰু খোৱা পানীৰ সমস্যাই দেখা দিছে ।