মাজুলী,১৬ জানুৱাৰী: মাজুলীৰ লুইতৰ পাৰত ডেকাচাঙৰ বোকোচাত অনুষ্ঠিত হৈছে মনগীত মহোৎসৱ । লুইতৰ পাৰত ডেকাচাঙত সংগীতৰ মায়াজাল । ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পীয়ে ভিৰ কৰা লুইতৰ পাৰৰ ডেকাচাঙত অনুষ্ঠিত হৈছে মনগীত মহোৎসৱ । ৰাহুল কৌশিক নাথ ফাউণ্ডেচনৰ উদ্যোগত ১০ জানুৱাৰীৰ পৰা অনুস্থিত হৈছে মনগীত সংগীত মহোৎসৱ । মঙলবাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই ।
ইয়াৰ উপৰিও, জয় বৰুৱা, আদিল হুছেইন আদিয়েও অংশগ্ৰহণ এই মহোৎসৱত । লুইতৰ পাৰত গুৰুগৃহত চলিছে গীতৰ সভা । লুইতৰ পাৰত গুৰুগৃহত ন-শিকাৰুৰ সৈতে ৰসাল আদ্দাত ভাগ লৈ গীত গাই, বাৰ্তালাপত ভাগ লয় কণ্ঠশিল্পী পাপনে । মনগীতৰ জড়িয়তে ন-শিকাৰু সকলক এক বিশেষ পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত কাম কৰি যোৱাৰ সংকল্প আৰু উদেশ্যৰ কথাও ব্যক্ত কৰে উদ্য়োক্তাসকলে । গীতৰ লগতে মন তুলিকা, মন মৃতিকা আদি অনুষ্ঠানো অনুষ্ঠিত হয় এই মহোৎসৱত ।