অসম

assam

ETV Bharat / state

150 জনীয়া বন্যহস্তী জাকৰ সৈতে সংঘাত অব্যাহত মাজুলীবাসীৰ - etv bharat

তিনিদিন ধৰি মাজুলীত বিচৰণ কৰি আছে 150 জনীয়া বৃহৎ বন্যহস্তীৰ জাকে। দিনে নিশাই গাঁওখনত তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে হাতীৰ জাকটোৱে । গাঁওবাসীৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ ফলত বিনিদ্ৰ ৰজনী কটাইছে বান বিধ্বস্ত শালমৰাবাসীয়ে।

150 জনীয়া বন্যহস্তী জাক

By

Published : Aug 4, 2019, 6:48 PM IST

Updated : Aug 4, 2019, 10:19 PM IST

মাজুলী, 4 আগষ্টঃ বিগত তিনিদিনে মাজুলীৰ শালমৰা গাঁৱত অব্যাহত আছে হাতী আৰু মানুহৰ সংঘাত ৷ তিনিদিন ধৰি গাঁওখনত বিচৰণ কৰি আছে 150 জনীয়া বৃহৎ বন্যহস্তীৰ জাকে। দিনে নিশাই গাঁওখনত তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে হাতীৰ জাকটোৱে । গাঁওবাসীৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ ফলত বিনিদ্ৰ ৰজনী কটাইছে বান বিধ্বস্ত শালমৰাবাসীয়ে।

150 জনীয়া বন্যহস্তী জাক

বিগত প্ৰতিটো নিশা শালমৰা, কামজান, বৰবোকা অঞ্চলত হাতীৰ সৈতে সংঘাত কৰি আহিছে গাঁওবাসীয়ে ৷ হাতীৰ ভয়ত উপায়ন্তৰ হৈ গাঁওখনৰ শিশুৰ পৰা বৃদ্ধলৈ একাংশ লোকে নিজ ঘৰ বাৰী এৰি থিতাপি লৈছে গাঁৱৰ অন্য লোকৰ বাসগৃহত ৷ হাতীৰ আতংকত একেলগে নিশাটো পাৰ কৰিছে গাওঁবাসীয়ে ৷ বিগত তিনিদিনে বন বিভাগে হাতীজাকটোক খেদি পঠিয়াব নোৱাৰাৰ ফলত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে একাংশ ৰাইজে ।

Last Updated : Aug 4, 2019, 10:19 PM IST

ABOUT THE AUTHOR

...view details