মাজুলী, 4 জুলাই :অসম বিভিন্ন কলা সংস্কৃতিৰে জীপাল হৈ থকা এখন মনোমোহা ঠাই ৷ এই ঠাইতেই জিলিকি ৰয় শিল্প সাধনাৰ একোখন জীয়া ছবি ৷ পুৰণি হ’লেও এলাগী নহয় শিল্পী সত্বাৰ সোণোৱালী অতীত । যুগৰ বিৱৰ্তনত সময় সলনি হ’লেও শিল্পীৰ অস্তিত্ব সংস্কৃতিৰ মাপকাঠি সলনি নহয় ৷ মাথোঁ সময়-কাল-স্থান ভেদে পৰিৱৰ্তনৰ ধাৰাৰে লয় নৱ ৰূপ । য'ত প্ৰতিফলিত হয় এখন সমাজৰ কলা-সংস্কৃতি আৰু শিল্প সাধনাৰ অনন্য নিদৰ্শন ৷
400 বছৰ পূৰ্বে আহোম যুগৰ পৰম্পৰাত আভিজাত্যৰ প্ৰতীকৰূপে শিল্প কলাই যি স্থান লাভ কৰিছিল, বিভিন্ন প্ৰত্যাহ্বানৰ মাজত আজিও একে মৰ্যাদা তথা গৌৰৱ বহন কৰি আহিছে মাজুলীৰ সত্ৰত লালিত পালিত এপদ কুটীৰ শিল্পই । ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৃত ঐতিহ্য বহনকাৰী এই শিল্প বিধ হৈছে বেতৰ বিচনী । হেঙুল হাইতেলে সুশোভিত, মখমল কোপোৰেৰে চিলোৱা মনোমোহা বেতৰ বিচনী হৈছে সত্ৰৰ ঐতিহ্য, আভিজাত্যৰ প্ৰতীক ।
আহোম ৰজাসলকৰ লগতে 1872 চনতে প্ৰয়াত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে বৃটিছ চাহাবক উপহাৰ দিছিল এই বিশেষ বিচনী । ইয়াৰ পাছত ক্ৰমে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰুৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, ৰাষ্ট্ৰপতি আব্দুল কালাম, বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো উপহাৰ হিচাপে সত্ৰই দিছে এইখন বিশেষ বিচনী ।