মাজুলী, ২৬ ফেব্ৰুৱাৰী: প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত সমগ্ৰ অসমৰ লগতে শুকুৰবাৰৰ পৰা মাজুলীতো সংস্কাৰ জাগৰণ যাত্ৰা আৰম্ভ হৈছে । ২৬ ফেব্ৰুৱাৰীৰ পৰা অহা ৫ মাৰ্চলৈকে এই যাত্ৰা অব্যাহত থাকিব । মাজুলীৰ ১৮ খন পঞ্চায়তত ৩০০ খন গাঁৱলৈ এই যাত্ৰা অব্যাহত থাকিব । পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱত আমাৰ যৌথপৰিয়াল সমুহ ভাঙোনমুখী হৈ পৰা পৰিলক্ষিত হৈছে ৷ এই পাশ্চাত্য সংস্কৃৃতিয়ে ব্যক্তিক সমাজৰ লগত একাত্মবোধ কৰোৱাৰ সলনি সমাজৰ পৰা, পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি আত্মকেন্দ্ৰিক ব্যক্তি নিৰ্মাণত অৰিহণা যোগাই আহিছে ৷ এই আৱতৰীয়া সংস্কৃতি বিনাশ কৰি এখন সুষ্ঠ সমাজ গঢ়াৰ লক্ষ্যৰে মানৱক 'বসুধৈৱ কুটুম্বকম' মানসিকতা জাগ্ৰত কৰাৰ উদ্দেশ্যে প্ৰজ্ঞা ফাউণ্ডেছনে সংস্কাৰমুখী প্ৰমূল্যৰে আদৰ্শৰে পৰিয়াল প্ৰতিষ্ঠা কৰা, থলুৱা সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা, সমাজ গঠনত গাওঁ আৰু ভূমি সুৰক্ষাৰ গুৰুত্ব প্ৰদান কৰিছে ।
প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত মাজুলীত সংস্কাৰ জাগৰণ যাত্ৰা - প্ৰজ্ঞা ফাউণ্ডেচন
আজিৰে পৰা সত্ৰ পীঠ মাজুলীত আৰম্ভ হৈছে প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত মাজুলী জিলা সমিতিৰ সহযোগত সংস্কাৰ জাগৰণ যাত্ৰা । প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত মাজুলী জিলা সমিতিৰ সহযোগত সংস্কাৰ জাগৰণ যাত্ৰা কাৰ্যসূচীৰ শুভাৰম্ভ ৷
মাজুলীত সংস্কাৰ জাগৰণ যাত্ৰা
সামাজিক ব্যাধিস্বৰূপ মাদক দ্ৰব্য বৰ্জন আৰু সমাজ সুৰক্ষা, জৈৱিক কৃষি আৰু গো-পালনৰ প্ৰয়োজনীয়তা আৰু আমাৰ কৰণীয় । প্ৰকৃতি সুৰক্ষাৰ প্ৰভাৱাশালী চিন্তন আৰু ভাৰতীয় দৰ্শন সম্পৰ্কে জনসাধাৰণৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে ৷