মাজুলী, 22 জুলাই : মাজুলীৰ (MAJULI) ভৌগোলিক স্থায়ী সুৰক্ষাত চূড়ান্তভাৱে ব্যৰ্থ ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু চৰকাৰ । ২০০৪ চনৰ পৰা মাজুলীৰ ভৌগোলিক স্থায়ী সুৰক্ষাৰ দায়িত্ব লৈ হাজাৰ কোটিৰো অধিক টকাৰ কেইবাখনো অভিলাষী আঁচনি ৰূপায়ণ কৰিলে যদিও মাজুলীৰ এচপৰা ভূমিও সুৰক্ষা দিবলৈ সক্ষম নহ‘ল । শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ ব’ৰ্ডে ২৩৭ কোটি টকাৰে টি কে ইঞ্জিনিয়াৰিং কোম্পানী (TK) য়ে ২৭ কিল’মিটাৰ জিঅ’ বেগ সংস্থাপন আৰু আৰচিচি (RCC) ২৩ খন স্কীন দিব লাগিছিল যদিও বিগত প্ৰায় ৪ বছৰে কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে ।
তাৰ বিপৰীতে বিভাগটোৱে ঠিকাদাৰৰ সৈতে মিলি চৰম দুৰ্নীতি সংঘটিত কৰি প্ৰায় ১৭৪ কোটি টকা লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । যাৰ ফলত মাজুলীৰ ইখনৰ পাছত সিখন নৈপৰীয়া গাঁও প্ৰতিদিনে ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হ’বলগীয়া হৈছে ৷ বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ (ALL ASSAM STUDENT UNION) সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপদেষ্টা উদ্দীপজ্যোতি গগৈসহ এটা সঁজাতি দলে মাজুলীৰ শালমৰাকে ধৰি খহনীয়া অব্যাহত থকা অঞ্চলসমূহ পৰিভ্ৰমণ কৰি ৰাজ্য চৰকাৰ, ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টিকে ইঞ্জিনিয়াৰিং কোম্পানীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰে ।