মাজুলীত বন্যহস্তীৰ তাণ্ডৱঃ ঘৰ দুৱাৰ ভাঙি লণ্ড ভণ্ড
মাজুলীৰ শালমাৰ পাঁচটা পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড হাতীৰ জাকৰ ৷ নিশা হ'লেই গাঁৱত প্ৰৱেশ কৰে বন্যহস্তীৰ বৃহৎ জাকে ৷
মাজুলী,3 আগষ্টঃ বন্যহস্তীৰ সন্ত্ৰাসত কম্পমান মাজুলীবাসী ৷ আন্ধাৰ হোৱাৰ লগে লগে মাজুলীৰ শালমাৰ অঞ্চলত তাণ্ডৱ চলাই বন্যহস্তীৰ জাকে ৷ শুকুৰবাৰে নিশা খাদ্যৰ সন্ধানত উলাই অহা 150 জনীয়া হাতীৰ এটা বৃহৎ জাকে শালমাৰ পাঁচটা পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে ৷ নিশা অহা হাতীৰ জাকটো বৰ্তমানেও শালমাৰ গাওঁতে অৱস্থান কৰি আছে । মাজুলীৰ বন বিভাগৰ লোকে হাতীৰ বৃহৎ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই । উল্লেখ্য যে কিছু দিন পূৰ্বে হাতীৰ আক্ৰমণত দক্ষিণপাট কুমাৰ গাঁৱৰ ৰুণু কলিতা নামৰ এগৰাকী মহিলা নিহত হৈছিল আৰু চাৰি গৰাকী লোক গুৰুতৰভাৱে আহত হৈছিল ।