মাজুলী,27 ডিচেম্বৰ :দেওবাৰে পুৱা মাজুলীত উপস্থিত হয় মৰিয়নী সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ কুৰ্মীয়ে দেওবাৰে কমলাবাৰীৰ পৰা ফেৰীযোগে আহি উপস্থিত হয় নদী দ্বীপটোত ৷ বিধায়কগৰাকীয়ে মাজুলীৰ ব্যৱসায়িক কেন্দ্ৰস্থল কমলাবাৰী চাৰিআলিত সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰে ৷
কুৰ্মীয়ে বিজেপি চৰকাৰে কৈ অহা মাজুলীৰ উন্নয়ন সম্পৰ্কে স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ মাজুলীত উপস্থিত হোৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ বিশেষকৈ ব্ৰহ্মপুত্ৰত থকা সুৰংগ, চি প্লেন, এক্সপেছ হাইৱে আৰু মাজুলী সংযোগী যোৰহাট দলং আদি প্ৰত্যক্ষ কৰিবলৈ অহা বুলি ৰূপজ্যোতি কুৰ্মীয়ে কটাক্ষ কৰে বিজেপি চৰকাৰক ৷ বিধায়কগৰাকীয়ে মাজুলী সংযোগী যোৰহাটৰ দলঙখনত ছেল্ফী উঠিবলৈ অহা বুলি কৈ দলঙখন নেদেখি দুঃখিত বুলি প্ৰকাশ কৰে ৷