মাজুলী,6 জানুৱাৰী :মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে মাজুলী ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰে ৷ মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য খণ্ডৰ উন্নয়ন সন্দৰ্ভত বিভাগটোৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় ৷ প্ৰধান সচিব সমীৰ সিন্হাৰ নেতৃত্বত অহা বিভাগীয় উচ্চস্তৰীয় দলটোত আছিল এনএইচএমৰ পৰিচালন সঞ্চালক ডাঃ লক্ষ্মণৰ লগতে অসম চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধীক্ষক ৷ প্ৰসূতি আৰু শিশুৰ স্বাস্থ্যৰ সু-ব্যৱস্থা, চিকিৎসালয়ৰ উন্নীতকৰণ, বিশেষজ্ঞ চিকিৎসক নিযুক্তি আদিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত আলোচনা কৰে ৷
এতিয়াৰে পৰা মাজুলীত ৰাজ্যিক স্বাস্থ্য সেৱাৰ অধীনত স্ত্ৰীৰোগ, শিশু আৰু এনাস্থেছিয়াৰ এবছৰীয়া স্নাতকোত্তৰ ডিপ্ল’মাৰ পাঠ্যক্ৰম গ্ৰহণ কৰা চিকিৎসকৰ দলক নিয়োজিত কৰি মাজুলীবাসীক সেৱা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব ৷ এনে একোটা দলে তিনিমাহ বাহৰ পাতি চিকিৎসা সেৱা প্ৰদান কৰাৰ পাছত নতুন দল আহিব ৷ তদুপৰি প্ৰতিটো সপ্তাহত দুদিনৰ বাবে যোৰহাট আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপকৰ একোটাকৈ দল মাজুলীলৈ আহিব ৷ মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি গড়মূৰৰ জিলা অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত ভৱনটো ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত মুকলি কৰাৰ লগতে জানুৱাৰীৰ শেষভাগৰ পৰা মৰণোত্তৰ পৰীক্ষা ব্যৱস্থা আৰম্ভ কৰা হ'ব ৷ শাসনভাৰ চম্ভালাৰ চাৰে চাৰি বছৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে স্বাস্থ্যখণ্ডৰ প্ৰতি গুৰুত্ব দিয়া কাৰ্য একপ্ৰকাৰৰ নিৰ্বাচনী চমক বুলি অভিহিত কৰিছে একাংশই ৷