অসম

assam

মাজুলী ভ্ৰমণ বাতিল মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ

By

Published : Jan 7, 2020, 10:14 PM IST

মাজুলীত হোৱা প্ৰতিবাদ আৰু ক'লা পতাকা প্ৰদৰ্শনৰ বাবে মুখ্যমন্ত্ৰীয়ে বাতিল কৰিলে মাজুলী ভ্ৰমণ ৷

মাজুলী ভ্ৰমণ বাতিল মুখ্যমন্ত্রীৰ
মাজুলী ভ্ৰমণ বাতিল মুখ্যমন্ত্রীৰ

মাজুলী, 7 জানুৱাৰীঃঅৱশেষত মুখ্যমন্ত্ৰীয়ে বাতিল কৰিবলৈ বাধ্য হয় মাজুলী ভ্ৰমণ ৷ মঙলবাৰে মাজুলী ভ্ৰমণৰ কথা আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ যাৰ বাবে ৰাতিপুৱাৰে পৰাই আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছিল গড়মুৰত ৷ কিন্তু নিজ গৃহ সমষ্টিলৈ যাবলৈ অৱশেষত কুন্ঠাবোধ কৰি ভ্ৰমণ বাতিল কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

মাজুলী ভ্ৰমণ বাতিল মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্ৰীৰ মাজুলী ভ্ৰমণক লৈ আজিৰ দিনটো ক'লা দিন ঘোষণা কৰিছিল আছু আৰু যুৱ ছাত্ৰ পৰিষদে ৷ জিলা সদৰ গড়মুৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ ইয়াৰ উপৰিও নাগৰিকত্ব (সংশোধনী) আইন, 2019 আমি নামানো বুলি ক'লা বেলুন উৰুৱাইছিল ছাত্ৰ সংগঠন দুটাই ৷ যাৰ বাবেই এইদৰে নিজৰ ভ্ৰমণ বাতিল কৰিবলৈ বাধ্য হয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details