অসম

assam

ETV Bharat / state

মাজুলী সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি বিতৰ্কঃ কি ক'লে জুবিন গাৰ্গে ? - মাজুলী

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্যৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ । তাৰ পাছতেই বিভিন্নজনৰ বিভিন্ন প্ৰতিক্ৰিয়া । এই সন্দৰ্ভত বিপৰীত মেৰুত অৱস্থান কৰিছে জনপ্ৰিয় শিল্পী জুৱিন গাৰ্গ আৰু মাজুলীৰ নতুন কমলাবাৰী সত্ৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামী ।

মাজুলী সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিৰ পাছতে বিতৰ্ক

By

Published : Jun 6, 2019, 10:20 PM IST

মাজুলী, ৬ জুনঃ মাজুলীত এখন বিশ্ববিদ্যালয় হোৱাৰ খবৰে সকলোকে সুখী কৰিছিল । মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় এখনৰ প্ৰয়োজনীয়তা অনুভৱ কৰি ২০১৮ চনৰ ১৩ জুলাইত মাজুলীত প্ৰস্তাৱিত বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এবছৰ ধৰি বিশ্ববিদ্যালয়খনত উপাচাৰ্য নিযুক্তি দিয়া হোৱা নাছিল । অৱশেষত ২০১৯ ৰ বৰ্ষৰ জুনৰ প্ৰথম সপ্তাহত মাজুলীৰ প্ৰস্তাৱিত বিশ্ববিদ্যালয়ত উপাচাৰ্য ৰূপে নিযুক্তি দিয়া হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰধ্যাপক ড0 ডম্বৰুধৰ নাথক । কিন্তু তেঁওক উপাচাৰ্য হিচাপে নিৰ্বাচন কৰাৰ পাছতেই সূত্ৰপাত হয় বিতৰ্কৰ । কাৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপকগৰাকীৰ বিৰুদ্ধে তেঁওৰ শিক্ষকতাৰ কাৰ্যকালতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে উত্থাপন কৰিছিল যৌন নিৰ্যাতনৰ অভিযোগ । ভুক্তভোগী ছাত্ৰী গৰাকীয়ে সোণাৰী সদৰ থনাত এক লিখিত অভিযোগ দাখিল কৰে । সোণাৰী থানাত ভুক্তভোগী ছাত্ৰী গৰাকীয়ে Case no.155/19U/S-354(A)(i)(ii)ত সোণাৰী আৰক্ষীয়ে এই গোচৰ ৰুজু কৰে ।

মাজুলী সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিৰ পাছতে বিতৰ্ক

এই সমগ্ৰ বিষয়টোৱে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে । এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে । জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গেও এই সন্দৰ্ভত মন্তব্য দিয়াৰ লগতে মাজুলীৰ নতুন কমলাবাৰী সত্ৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামী প্ৰভুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অৱশ্যে দুয়োগৰাকীৰ মন্তব্যৰ মাজত প্ৰভেদ পৰিলক্ষিত হৈছে ।

ABOUT THE AUTHOR

...view details