মাজুলীত চাঞ্চল্যকৰ ঘটনাঃ অবৈধ মাতৃত্বৰ বোজা ঢাকিবলৈ গৈ কৰুণ মৃত্যু কিশোৰীৰ - অবৈধ প্ৰেমৰ পৰিণতিত অন্তঃসত্বা
অবৈধ প্ৰেমৰ পৰিণতিত অন্তঃসত্বা কিশোৰী গৰাকীক আজি পুৱাৰ ভাগতে গোপনে পৰিয়ালৰ পৰা লুকুৱাই নিজ মাতৃয়ে মোমায়েকৰ ঘৰৰ বাথৰূমত চিকিৎসক অবিহনেই গৰ্ভপাত কৰোৱায় ৷ ফলত প্ৰায় 8 মাহ গৰ্ভস্থ কিশোৰী গৰাকীয়ে জন্ম দিয়ে এটি মৃত নৱজাতক ৷ তাৰ পিছৰে পৰাই কিশোৰীগৰাকীৰ অৱস্থা অতি সংকটজনক হৈ পৰাত লৈ অনা হয় কমলাবাৰী চিকিৎসালয়লৈ ৷ কিন্তু চিকিৎসালয়তে মৃত্যুক সাবতি লয় কিশোৰী গৰাকীয়ে
মাজুলী, 28 ছেপ্টেম্বৰঃ মাজুলীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা | যি ঘটনাই সমগ্ৰ মাজুলীত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ | অবৈধ মাতৃত্বৰ বোজা ঢাকিবলৈ গৈ কৰুণ মৃত্যুক সাৱতিব লগা হ'ল নৱজাতকসহ কিশোৰী মাতৃয়ে ৷ অবৈধ প্ৰেমৰ পৰিণতিত অন্তঃসত্বা কিশোৰী গৰাকীক আজি পুৱাৰ ভাগতে গোপনে পৰিয়ালৰ পৰা লুকুৱাই নিজ মাতৃয়ে মোমায়েকৰ ঘৰৰ বাথৰূমত চিকিৎসক অবিহনেই গৰ্ভপাত কৰোৱায় ৷ ফলত প্ৰায় 8 মাহ অন্তঃসত্বা কিশোৰী গৰাকীয়ে জন্ম দিয়ে এটি মৃত নৱজাতক ৷ তাৰ পিছৰে পৰাই কিশোৰীগৰাকীৰ অৱস্থা অতি সংকটজনক হৈ পৰাত লৈ অনা হয় কমলাবাৰী চিকিৎসলয়লৈ ৷ কিন্তু চিকিৎসলয়তে মৃত্যুক সাবতি লয় কিশোৰী গৰাকীয়ে ৷