অসম

assam

ETV Bharat / state

Tourist from Arunachal in trouble : মাজুলীৰ সোৱণশিৰি ল'জৰ স্বত্বাধিকাৰীয়ে জিনিলে পৰ্যটকৰ মন - লজৰ স্বত্বাধিকাৰীয়ে জিনিলে পৰ্যটকৰ মন

মাজুলীলৈ আহি এটিএম কাৰ্ডকে ধৰি সকলো নথিপত্ৰ হেৰুৱাইছিল এজন পৰ্যটকে (Arunachal tourist loses ATM card in Majuli)। আৰক্ষী, প্ৰশাসন, পৰ্যটন বিভাগে কোনেও তেওঁক সহায় নকৰিলে । কিন্তু তাৰ পাছতো অৰুণাচলৰ এজন পৰ্যটকে ভূয়সী প্ৰশংসা কৰিলে মাজুলী আৰু অসমৰ লোকক । কিয় তেওঁ প্ৰশংসা কৰিবলৈ বাধ্য হ'ল ?

Tourist
মাজুলীৰ সোৱণশিৰি ল'জৰ স্বত্বাধিকাৰীয়ে জিনিলে পৰ্যটকৰ মন

By

Published : Oct 12, 2022, 9:12 PM IST

মাজুলী,১২ অক্টোবৰ :মাজুলীৰ এখন ল'জৰ স্বত্বাধিকাৰীৰ মহানুভৱতা (Majuli Subansiri lodge owner kindness)। বিপদত পৰা অৰুণাচলৰ পৰ্যটকৰ মন জয় কৰিলে ল'জৰ স্বত্বাধিকাৰীজনে (Lodge owner wins hearts of Arunachal tourists)। মাজুলীত চলিছে লোকজনৰ বিশেষ প্ৰশংসা ।

উল্লেখ্য যে পেইন নৰ'মো মমকিয়া নামৰ অৰুণাচল প্ৰদেশ টাৱাঙৰ এখন ভিতৰুৱা গাঁৱৰ যুৱকে শেহতীয়াকৈ মাজুলীলৈ আহিছিল । পেছাত এগৰাকী ইন্টেৰিয়াৰ ডিজাইনাৰ যুৱকজনে সাধাৰণতে দেশে বিদেশে ঘূৰি ফুৰে । বুকিং ডট কমৰ যোগেদি তেওঁ মাজুলীলৈ আহিছিল । পূৰ্বে বুকিং কৰি থোৱা মাজুলীৰ সোৱণশিৰি ল'জত আছিল তেওঁ ।

মাজুলীৰ বিভিন্ন ঠাইত ঘূৰি ফুৰোতেই এদিন এটিএম কাৰ্ডকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ নথি পত্ৰ হেৰুৱালে যুৱকজনে । ফলত আৰ্থিক সংকটত পৰে যুৱকজন (Tourists from Arunachal are in trouble in Majuli)। ধনৰ অভাৱত অসহায় অৰুণাচলৰ যুৱকজনে মাজুলীৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, পৰ্যটন বিভাগ, আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি সকলো কথা বিৱৰি ক'লে । আনকি তেওঁ এই সন্দৰ্ভত থানাত এজাহাৰো দাখিল কৰিলে ।

কিন্তু তেওঁ কোনো ধৰণৰ সঁহাৰি নাপালে । মাজুলীৰ পৰ্যটন বিভাগেও তেওঁক সহায় নকৰিলে । এফালে টকাৰ অভাৱ আনফালে পৰিয়ালৰ সৈতে যোগাযোগ কৰাত ব্যৰ্থ হয় যুৱকজন । বিপদত পৰি হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হয় যুৱকজন ।

মাজুলীৰ সোৱণশিৰি ল'জৰ স্বত্বাধিকাৰীয়ে জিনিলে পৰ্যটকৰ মন

এনে সময়তে তেওঁ থকা সোৱণশিৰি ল'জৰ স্বত্বাধিকাৰী মৃদুপৱন ভূঞাই সকলো কথা গম পাই সহায়ৰ বাবে আগবাঢ়ি আহিল । ৪ টাকৈ দিন নিজৰ ল'জতে ৰাখি খোৱাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে ১০ হাজাৰ টকা দি গুৱাহাটীৰ পৰা টাংৱাঙলৈ হেলিকপ্টাৰ যোগে যাবলৈও তেওঁক সহায় কৰে ল'জৰ স্বত্বাধিকাৰী মৃদুপৱন ভূঞাই (Lodge owner help tourists in Majuli)।

মৃদুপৱন ভূঞাৰ মহানুভৱতা আৰু উদাৰতাক উচ্চ প্ৰসংশা কৰে পৰ্যটকগৰাকীয়ে । লগতে মাজুলী আৰু অসমৰ লোকসকলৰ মহানুভৱতাক প্ৰশংসা কৰে । কৰ'ণাত বিধস্ত মাজুলীৰ পৰ্যটন উদ্যোগৰ লগতে ল'জসমূহে পাৰ কৰা এনে বেয়া সময়তো ল'জৰ স্বত্বাধিকাৰীয়ে এনেদৰে বিপদত পৰা পৰ্যটকক সহায় কৰি মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ।

লগতে পঢ়ক :MP Pabitra Margherita: অখিল গগৈয়ে অৰ্কিড উদ্যানৰ মাটিৰ কিস্তি দিয়া নাই !

For All Latest Updates

ABOUT THE AUTHOR

...view details