মাজুলী, ২৩ আগষ্ট:মঙলবাৰে মাজুলী জিলাৰ আৰক্ষী অধীক্ষক গৌতম বৰাই এখনি সংবাদ মেলৰ সম্বোধন কৰে (Press conference of Majuli SP) । সংবাদ মেলত আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, যোৱা কেইটামান দিন মাজুলীত এক দুষ্ট চক্ৰই শিশু অপহৰণ ৰিবলৈ চেষ্টা চলাই আছে বুলি এটা কথা ওলাই আছে কিন্তু সেইয়া সম্পূৰ্ণ অপপ্ৰচাৰ (Rumor of chilg kidnapping in Majuli) । মাজুলীত কোনো শিশু অপহৰণকাৰী নাই আৰু কোনেও শিশু অপহৰণৰ চেষ্টাও কৰা নাই ।
জেঙৰাই থানাৰ অন্তৰ্গত নামনি চেৰেপাই আৰু গড়মূৰ থানাৰ অন্তৰ্গত গোপালপুৰ কাংকান নগৰত যি ঘটনা সংঘটিত হৈছে সেয়া কোনো শিশু অপহৰণকাৰী লগত জড়িত নহয় বৰঞ্চ দুইটা ঘটনা আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত চোৰ বুলি তথ্য লাভ কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে (Majuli SP on rumor)। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, মাজুলী অতি শান্তিপ্ৰিয় ঠাই আজিৰ তাৰিখত মাজুলীত কোনো ধৰণৰ শিশু অপহৰণ কাৰী নাই ।