অসম

assam

ETV Bharat / state

দোষমুক্ত হ'ল মাজুলীৰ সত্ৰধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী

গীৰ্জা ভঙাৰ অপৰাধত 2018 বৰ্ষত আইনৰ ৰোষত পৰা মাজুলীৰ সত্ৰধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীৰ প্ৰসংগত ৰায়দান দিলে যোৰহাট জিলা সত্ৰ ন্যায়াধীশ আদালতে (Majuli Session Court verdict Janardhan Dev Goswami)৷ প্ৰায় আঢ়ৈ বছৰজোৰা আইনী যুঁজৰ অন্তত যোৱা ২৬নৱেম্বৰত যোৰহাট সত্ৰ ন্যায়াধীশ আদালতে সত্ৰাধিকাৰ গৰাকীক দোষ মুক্ত কৰে ৷

Majuli Session Court released xatradhikar Janardhan Dev Goswami
দোষ মুক্ত হ'ল মাজুলীৰ সত্ৰধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী

By

Published : Dec 4, 2021, 3:29 PM IST

মাজুলী, 4 ডিচেম্বৰ :অৱশেষত যোৰহাট জিলা সত্ৰ ন্যায়াধীশ আদালতে 26 নৱেম্বৰত ৰায়দান দিলে মাজুলীৰ সত্ৰধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীক(Majuli Session Court verdict Janardhan Dev Goswami)৷ দোষমুক্ত হ'ল সত্ৰধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী | গীৰ্জা ভঙাৰ অপৰাধত 2018 বৰ্ষত আইনৰ ৰোষত পৰিছিল সত্ৰধিকাৰগৰাকী ৷

উল্লেখ যে, খ্ৰীষ্টান মিছনেৰীৰ কৰাল গ্ৰাসত পৰা এটকা মহন্তৰ পীঠস্থান মাজুলী (majuli island of assam)ত খৃষ্টানৰ বিৰুদ্ধে জেহাদ চলাইছিল এই গৰাকী সত্ৰধিকাৰে । ইয়াৰ পাছতেই গীৰ্জা ভঙা অপৰাধত এই গৰাকী সত্ৰাধিকাৰৰ ওপৰত গোচৰ তৰিছিল প্ৰশান্ত পায়েং নামৰ এজন যুৱকে। যুৱক জনৰ গোচৰৰ ভিত্তিত 2018 চনৰ 5 ছেপ্টেম্বৰত সত্ৰধিকাৰ গৰাকীলৈ আহিছিল চমন । ইয়াৰ পিছতে 11 ছেপ্টেম্বৰত মাজুলীৰ আদালতত হাজিৰ হয় সত্ৰধিকাৰগৰাকী । পৰৱৰ্তী সময়ত ন্যায়ালয়ে তেওঁক দোষী সাব্যস্ত কৰি 10,500 টকাৰ জৰিমনা বিহে।

আদালতৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই সত্ৰধিকাৰ গৰাকী যোৰহাট সত্ৰ ন্যায়াধীশ আদালত (Jorhat session court)ৰ কাষ চাপে । প্ৰায় আঢ়ৈ বছৰজোৰা আইনী যুঁজৰ অন্তত যোৱা ২৬নৱেম্বৰত যোৰহাট সত্ৰ ন্যায়াধীশৰ আদালতে সত্ৰাধিকাৰ গৰাকীক দোষ মুক্ত ঘোষণা কৰে ।

ইয়াৰ পাছতেই এতিয়া উৎফুল্লিত হৈ পৰিছে সত্ৰবাসীৰ লগতে বিশ্ব হিন্দু মহাসংঘ (Vishwa Hindu Mahasangh) । সেয়ে বিশ্ব হিন্দু মহাসংঘৰ মাজুলী জিলা সমিতিয়ে সংবাদমেল অনুষ্ঠিত কৰি উৎসাহ প্ৰকাশ কৰাৰ লগতে সত্ৰধিকাৰ গৰাকীক কৰিলে শুভেচ্ছা জ্ঞাপন ।

লগতে পঢ়ক :প্ৰাণৰ সংশয়ত ভুগিছে মাজুলীৰ এজন সত্ৰাধিকাৰ

ABOUT THE AUTHOR

...view details