অসম

assam

By

Published : Aug 6, 2019, 3:26 PM IST

ETV Bharat / state

বানো গ'ল, গৰম বন্ধও শেষ তথাপিও আৰম্ভ নহ'ল পাঠদান

গৰম বন্ধ শেষ হোৱাৰ পিচতো বন্ধ হৈ আছে মাজুলীৰ শালমৰা উচ্চ বুনিয়াদী বিদ্যালয় । প্ৰধান শিক্ষকৰ হেমাহিৰ ফলতেই দুৰ্গন্ধৰ লগতে এক অস্বাস্থ্যকৰ পৰিৱেশত ছাত্ৰ-ছাত্ৰীসকলে পাঠগ্ৰহণ কৰাৰ অভিযোগ অভিভাৱকৰ

বানো গ'ল, গৰম বন্ধও শেষ হ'ল তথাপিও পাঠদান আৰম্ভ নহ'ল এখন বিদ্যালয়ত

মাজুলী,6 আগষ্টঃ মাজুলী শালমৰা উচ্চ বুনিয়াদী বিদ্যালয়ত চৰম অৰাজকতা । বানপানী শুকাই যোৱাৰ ২০ দিন হোৱাৰ লগতে গৰম বন্ধ শেষ হোৱাৰ ৬ দিন হ'ল যদিও মঙলবাৰেহে আৰম্ভ হ'ল বিদ্যালয়ৰ পাঠদান । বান তথা গৰাখহনীয়াই সৰ্বস্বান্ত কৰা মাজুলীৰ শালমৰা অঞ্চলত অৱস্থিত এইখন বিদ্যালয় । বানপানী শুকাই যোৱাৰ পিচতো শিক্ষাৰ পৰা বঞ্চিত হৈছে দৰিদ্ৰ কণ কণ ছাত্ৰ ছাত্ৰী সকল ।

বানো গ'ল, গৰম বন্ধও শেষ হ'ল তথাপিও পাঠদান আৰম্ভ নহ'ল এখন বিদ্যালয়ত

আনহাতে বান শুকুৱাৰ পাচতো বিদ্যালয়খনৰ পলস বোকা আঁতৰাবলৈ সময় নাপালে প্ৰধান শিক্ষক লীলা ৰাম হাজৰিকাই । ইয়াৰ ফলত যথেষ্ট ক্ষোভিত হৈ পৰিল ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকল । প্ৰধান শিক্ষকৰ হেমাহিৰ ফলতেই দুৰ্গন্ধৰ লগতে এক অস্বাস্থ্যকৰ পৰিৱেশত ছাত্ৰ-ছাত্ৰীসকলে পাঠগ্ৰহণ কৰাৰ অভিযোগ অভিভাৱকসকলৰ ।

ABOUT THE AUTHOR

...view details