অসম

assam

ETV Bharat / state

খ্ৰীষ্টিয়ানসকলক উভতি ধৰিলে মাজুলীৰ মিচিং ৰাইজে - মাজুলী বৈষ্ণৱপীঠ

কোনে কয় মাজুলী বৈষ্ণৱপীঠ নহয় ?  খ্ৰীষ্টিয়ান আগ্ৰাসনক লৈ উত্তপ্ত মাজুলী ৷

খ্ৰীষ্টিয়ানসকলক উভতি ধৰিলে মাজুলীৰ মিচিং ৰাইজে

By

Published : Sep 13, 2019, 5:28 PM IST

Updated : Sep 13, 2019, 5:59 PM IST

মাজুলী,13 চেপ্তেম্বৰঃ ক্ষোভত জ্বলিছে মাজুলী ৷ খ্ৰীষ্টান ধৰ্মত দীক্ষিত একাংশ মিচিং লোকৰ বিৰুদ্ধে গৰজি উঠিছে মাজুলীৰেই একাংশ মিচিং জনগোষ্ঠীৰ ৰাইজ ৷ মাজুলী বৈষ্ণৱ পীঠ নহয় বুলি কোৱাৰ পিচত একাংশ মিচিং ৰাইজে বিৰোধিতা কৰিছে এই কথা ৷ আগন্তুক দিনত এনেধৰণৰ বিৰূপ মন্তব্য নকৰিবলৈ সকীয়নি খ্ৰীষ্টান ধ্ৰমত দীক্ষিত মাজুলীৰ একাংশ মিচিং লোকক ৷

সত্ৰত একাংশ মিচিং জনগোষ্ঠীৰ প্ৰতিনিধি
উল্লেখ্য যে মাজুলীত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতি একাংশ লোকৰ ৰোষত পৰা দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ অধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছিল ধৰ্মান্তৰিত লোকসকলে ৷ মাজুলীৰ সত্ৰ ন্যায়াধীশৰ আদালতত সত্ৰাধিকাৰৰ গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৪৭,২৯৫,২৯৮,২৯৪, ৪২৭,৫০৬/৩৪,চি,আৰ ডব্লিউ ৩৫৭ চি আৰ পি চি ধাৰাত গোচৰ ৰুজু কৰিছিল ধৰ্মান্তৰিত লোকসকলে ৷
খ্ৰীষ্টিয়ানসকলক উভতি ধৰিলে মাজুলীৰ মিচিং ৰাইজে
ক্ৰমান্বয়ে যেন উত্তপ্ত হৈছে মাজুলীৰ পৰিস্থিতি ৷ খ্ৰীষ্টিয়ান সকলক উভতি ধৰিছে মাজুলীৰ মিচিং জনগোষ্ঠীৰ লোকসকলে ৷ তেওঁলোকৰ মতে মাজুলীত বসবাস কৰা সকলো মিচিং জনগোষ্ঠীৰ লোক খীষ্টিয়ান নহয় ৷ ধৰ্মান্তৰিত লোকসকলক প্ৰশ্ন খ্ৰীষ্টিয়ান আগ্ৰাসনৰ আগতে তেওঁলোক কি আছিল ? ইফালে সত্ৰাধিকাৰ সকলে মিচিং লোকসকলক ঘৃণা কৰে বুলি যি অভিযোগ আনিছিল সেই অভিযোগো মিছা বুলি মন্তব্য কৰিছে মিচিং জনগোষ্ঠীৰ লোকসকলে ।
খ্ৰীষ্টিয়ান আগ্ৰাসনক লৈ উত্তপ্ত মাজুলী
ইফালে খ্ৰীষ্টান আগ্ৰাসনক লৈ ক্ৰমাৎ উত্তপ্ত হ'বলৈ হ'বলৈ ধৰিছে মাজুলী ৷ বিপৰীতে নিজৰ স্থিতিত অটল আছে সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী ৷
Last Updated : Sep 13, 2019, 5:59 PM IST

ABOUT THE AUTHOR

...view details