অসম

assam

By

Published : Oct 20, 2022, 8:08 PM IST

ETV Bharat / state

Sankardev Controversy in Majuli : জনাৰ্দ্দন দেৱগোস্বামীক কঠোৰ সকীয়নি মাজুলী সত্ৰ মহাসভাৰ

৪৮ ঘণ্টাৰ ভিতৰত ক্ষমা নুখুজিলে সামাজিকভাৱে বৰ্জনৰ সিদ্ধান্তও গ্রহণ কৰা হয় । লগতে ভৱিষ্যতে এনে কাৰ্যৰ পৰা সকলোকে বিৰত থাকিবলৈ কঠোৰ সকীয়নি প্ৰদান কৰে (Majuli Satra Mahasabha warns Janarddan Goswami) ।

Majuli
Majuli

মাজুলী, ২০ অক্টোবৰ : বিতৰ্কিত সত্ৰীয়া জনাৰ্দ্দন দেৱগোস্বামীক কঠোৰ সকীয়নি সত্ৰ মহাসভা মাজুলী জিলা সমিতিৰ (Majuli Satra Mahasabha warns Janarddan Goswami) । জনাৰ্দ্দন দেৱগোস্বামীয়ে ৪৮ ঘণ্টাৰ ভিতৰত ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী । অন্যথা আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ সত্ৰ মহাসভাৰ ।

আনহাতে, ৪৮ ঘণ্টাৰ ভিতৰত ক্ষমা নুখুজিলে সামাজিকভাৱে বৰ্জনৰ সিদ্ধান্তও গ্রহণ কৰা হয় । লগতে ভৱিষ্যতে এনে কাৰ্যৰ পৰা সকলোকে বিৰত থাকিবলৈ কঠোৰ সকীয়নি প্ৰদান কৰে । উল্লেখ্য, আজি সত্ৰ মহাসভাই এই উপলক্ষে আহ্বান কৰা সভাত মাজুলীৰ সাধাৰণ নাগৰিক, দল-সংগঠনে অংশগ্রহণ কৰি উক্ত সিদ্ধান্তৰ সহমত পোষণ কৰে । লগতে ভৱিষ্যতে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰো সিদ্ধান্ত লয় ।

উল্লেখ্য, শেহতীয়া সময়ছোৱাত ইটোৰ পাছত সিটো বিতৰ্কিত মন্তব্য আগবঢ়াই আহিছে দক্ষিণপাট গৃহশ্ৰমী সত্ৰৰ (Dakhinpat Satra Majuli) সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীয়ে । প্ৰথমে মাজুলীত দুৰ্গাপূজা অনুষ্ঠিত কৰিব লাগে বুলি দক্ষিণপাট গৃহশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীয়ে (Satradhikar Janardan Deva Goswami) মন্তব্য কৰাৰ পাছত সত্ৰাধিকাৰজনৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ৰাজ্যবাসী ৷

এই বিতৰ্ক অব্যাহত থাকোঁতেই পুনৰ অন্য এক বিতৰ্কিত মন্তব্য কৰে সত্ৰাধিকাৰগৰাকীয়ে ৷ মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ (Srimanta Sankardev) সন্দৰ্ভতো বিতৰ্কিত মন্তব্য কৰে জনাৰ্দ্দন দেৱগোস্বামীয়ে । সত্ৰাধিকাৰগৰাকীৰ মতে, শংকৰদেৱ গুৰু নহয় ৷ শংকৰদেৱ এজন মহাপুৰুষ, বিজ্ঞানী, অসমৰ প্ৰথম ক্ৰীড়াবিদ । ইয়াতকৈও এখোপ ওপৰলৈ গৈ মহাপুৰুষসকল ধৰ্মনিৰপেক্ষ নাছিল বুলিও বিস্ফোৰক মন্তব্য কৰে জনাৰ্দ্দন দেৱগোস্বামীয়ে (Janardan Deva Goswami comments on Sankardev) ।

উল্লেখ্য, শ্ৰীমন্ত শংকৰদেৱক ধর্মনিৰপেক্ষ নাছিল বুলি সত্ৰাধিকাৰগৰাকীয়ে মন্তব্য আগবঢ়োৱাৰ পাছতেই অধিক জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্নজন । সত্ৰাধিকাৰগৰাকীয়ে এনেধৰণৰ মন্তব্য কৰি বিতৰ্কত থাকি ভালপায় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ স্থানীয় লোকে । জনাৰ্দ্দন দেৱগোস্বামীয়ে জানি-বুজি এনেকুৱা মন্তব্য আগবঢ়াই সদায় চৰ্চাত থাকিবলৈ বিচাৰে বুলি কয় মাজুলীৰ লোকসকলে ।

লগতে পঢ়ক :Basistha Dev Sarma health is deteriorating: ক্ৰমাৎ অসুস্থ হৈ পৰিছে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ

ABOUT THE AUTHOR

...view details