মাজুলী, ২২ জানুৱাৰী: ৩২ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে সমগ্ৰ দেশতে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । পথ সুৰক্ষাৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ বাবে অসমতো পালন কৰা হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ । শুক্ৰবাৰে মাজুলীত জিলা পৰিবহণ বিভাগৰ উদ্যোগত ৩২ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । গড়মূৰৰ পৰা কমলাবাৰীস্থিত জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়লৈ সজাগতামূলক এক সমদল উলিওৱা হয় ।
মাজুলীত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে সজাগতামূলক ৰেলী - জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়
মাজুলীত পালন কৰা হৈছে ৩২ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ । মাজুলী জিলা পৰিবহণ বিভাগৰ উদ্যোগত গড়মূৰৰ পৰা কমলাবাৰীস্থিত জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়লৈ সজাগতামূলক বাইক ৰেলী উলিওৱা হয় ।
এই সমদলত বাইক আৰু স্কুটী আৰোহীসকলে অংশগ্ৰহণ কৰে । মাজুলী জিলা পৰিবহণ বিভাগে বাহন চলাওতে ল'বলগীয়া সাৱধানতাৰ বিষয়ে সকলোকে সজাগ কৰাৰ প্ৰয়াস কৰে । আনহাতে, সঘনাই হৈ থকা দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্য জিলা পৰিবহণ বিভাগ আৰু পথ সুৰক্ষা সমিতিয়ে প্ৰথমবাৰৰ বাবে এটি সজাগতামূলক ভিডিঅ' মুকলি কৰে ।
এই ভিডিঅ'টোৰ জৰিয়তে বাহন চলাওতে লাইচেন্সৰ প্ৰয়োজনীয়তা আৰু দুচকীয়া বাহন চালকৰ বাবে হেলমেটৰ আৱশ্যকতাৰ বিষয়ে সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে । এই কাৰ্যসূচীত জিলা পৰিবহণ বিষয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু পথ সুৰক্ষা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক:মূল্যবৃদ্ধি ৰোধৰ দাবীত নাৰায়ণপুৰ আৰু বিহপুৰীয়াত কংগ্ৰেছৰ প্ৰতিবাদ