অসম

assam

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : মাজুলী গড়কাপ্তানি বিভাগৰ মিঠ্যাচাৰ ফাদিল

By

Published : Sep 26, 2019, 5:35 PM IST

Updated : Sep 26, 2019, 6:24 PM IST

হেমন্ত বৰাৰ নিয়মত ক্ষুব্ধ মাজুলীবাসী ৷ গড়কাপ্তানি বিভাগে ব্যৱস্থা নল'লে কাম কৰিবলৈ নিদিয়ে ঠিকাদাৰক ৷ এফালে চলিছে পথ নিৰ্মাণ আনফালে ভাগি শেষ হৈ গৈছে মুদৈগাঁও-বনগাঁও পথ ৷

মাজুলী গড়কাপ্তানি বিভাগৰ মিঠাচাৰ ফাদিল

মাজুলী, 26ছেপ্টেম্বৰ : মাজুলীৰ গড়কাপ্তানি পথ নিৰ্মাণত হেমন্ত বৰাৰ পুচফাছ কনষ্ট্ৰাক্টচনে কৰা অনিয়ম-দুৰ্নীতিৰ বাতৰি ইটিভি ভাৰত অসমত ধাৰাবাহিক ভাৱে পৰিবেশনৰ পাচতে জিলা প্ৰশাসনে বন্ধ কৰি দিছিল পথ নিৰ্মাণৰ কাম ।

মিছা মাতিছে গড়কাপ্তানি বিভাগে

যোৱা মঙলবাৰে বিভাগটোৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী অভিযন্তাগৰাকীয়ে মাজুলীলৈ আহি সকলো পৰ্যবেক্ষণ কৰি ঠিকাদাৰৰ কামৰ নমুনা দেখি আচৰিত হৈ পৰে । কিন্তু সংবাদ মাধ্যমৰ আগত মুখ খোলাৰ পৰা বিৰত থাকে মুখ্য কাৰ্যবাহী অভিযন্তা গৰাকীয়ে ৷

ইফালে বান নোহোৱাকৈ বানৰ বাবে পথটো ভগা বুলি ঠিকাদাৰৰ হৈ ওকালতি কৰিব খোজা কণিষ্ঠ অভিযন্তা সীমান্ত দত্তক উভতি ধৰে স্থানীয় ৰাইজে ৷ পৰিস্থিতি বিসম দেখি অতিৰিক্ত মুখ্য কাৰ্যবাহী অভিযন্তা, মাজুলী গড়কাপ্তানি বিভাগৰ বিষয়া, ঠিকাদাৰ হেমন্ত বৰা সহ দলটোৱে উপস্থিত হোৱা ৰাইজৰ কোনো দাবী আপত্তি নুশুনাকৈ সুযোগ বুজি সেই স্থান ত্যাগ কৰে ৷

স্থানীয় ৰাইজৰ অভিযোগ এই সকল বিষয়াই হেমন্ত বৰাৰে মিলি কোনো গোপন কাৰণত ৰাইজৰ সমস্যা লৈ পিঠি দি ঠিকাদাৰক সুৰক্ষা দিয়াত উঠি পৰি লাগিছে । এনে ক্ষেত্ৰত ৰাইজৰ এটাই দাবী গড়কাপ্তানি বিভাগে ব্যৱস্থা নল'লে কাম কৰিবলৈ নিদিয়ে ঠিকাদাৰক ৷

অধিক চাওকঃ ১৩ দিনৰ পাচত উদ্ধাৰ কাৰ্বি আংলঙৰ অপহৃত ব্যৱসায়ী বিজয় আগৰৱালা

Last Updated : Sep 26, 2019, 6:24 PM IST

ABOUT THE AUTHOR

...view details