মাজুলী,12 মে’:জাতীয় জীৱনৰ মহীৰূহ হোমেন বৰগোহাঞিৰ বিয়োগত সত্ৰপীঠ মাজুলীত শোকৰ ছাঁ । মাজুলীৰ সৈতে হোমেন বৰগোহাঞিৰ আছিল এক নিবিড় সম্পর্ক । ১৯৫৫ চনত হোমেন বৰগোহাঞিয়ে মাজুলীৰ ৰাজহ চক্ৰত উপ প্ৰতি সমাহৰ্তাৰূপে যোগদান কৰি প্ৰায় ডেৰ দশক মাজুলীবাসীৰ মাজত কটাইছিল । জড়িত হৈ পৰিছিল মাজুলীৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰত ৷ এইগৰাকী বিশিষ্ট ব্যক্তিৰ বিয়োগত মাজুলীৰ ৰাজহ চক্র কাৰ্যালয়ত বুধবাৰে অনুষ্ঠিত হয় এখনি শোকসভা ।
আনহাতে, প্ৰয়াত বৰগোহাঞি মাজুলীত থকা কালচোৱাৰ সান্নিধ্যৰ কথা সুঁৱৰে মাজুলী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰতী বৰুৱাই ।