মাজুলী, 30 জানুৱাৰী:ৰাজ্যত এতিয়া অব্যাহত আছে ক’ৰণাৰ সংক্ৰমণ(Covid active Cases in Assam) ৷ কেৱল ৰাজ্যই নহয় সমগ্ৰ বিশ্বই এতিয়া গভীৰ সংকটৰ মাজেৰে দিন কটাবলগীয়া হৈছে ৷ সম্প্ৰতি এই মহামাৰীয়ে সমগ্ৰ বিশ্বৰ মানৱজাতিকে সংকটত পেলাইছে ৷ বৰ্তমান ৰাজ্যত ইজনৰ পিছত সিজনকৈ লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক ক’ভিড 19ৰ অৱস্থিতি লগতে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা ৷
উল্লেখ্য যে, শনিবাৰে ৰাজ্যত মাৰাত্মক ক’ভিড 19ত আক্ৰান্ত হৈ ২০২২ বৰ্ষত মৃত্যু হ'ল প্ৰথমজন লোকৰ (One died of Covid in Majuli)৷ মাজুলীৰ গড়মূৰ সত্ৰৰ বৈষ্ণৱ তথা বিদ্যুৎ বিভাগৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী অচ্যুৎ বৰুৱাৰ ক’ৰণাত আক্ৰান্ত হৈ শনিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬২ বছৰ ৷ লোকজনৰ মৃত্যুত মাজুলীৰ গড়মূৰ সত্ৰত পৰিছে শোকৰ ছাঁ ৷
জানিব পৰা মতে, সত্ৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল অচ্যুৎ বৰুৱা ।