মাজুলী,4 নৱেম্বৰঃমাজুলীৰ গৌৰৱ ৰাস মহোৎসৱলৈ মাজত কেইটামান দিন ৷ ক'ভিডৰ ভয়াবহতাৰ বাবে ৰাস উদযাপন কৰিবৰ বাবে ৰাস কমিটি সমূহক কিছু নীতি নীয়ম বান্ধি দিছিল প্ৰশাসনে ৷ প্ৰশাসনে কৈছিল যে, ৰাস পতাত বাধা নাই, ক’ভিড নীতি নিয়ম মানি পাতিব পাৰিব; কিন্তু ১০ বছৰৰ তলৰ শিশু আৰু ৬০ উৰ্ধৰ ব্যক্তিয়ে এই ৰাসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব ।
সলনি হোৱাৰ আশা নাই মাজুলীৰ ৰাসক লৈ বান্ধি দিয়া প্রশাসনৰ নীতি নিয়ম - প্ৰশাসনৰ ফালৰ পৰা অৱগত
প্রশাসনে বান্ধি দিয়া নীতি নিয়মৰ ভিত্তিত ৰাস কমিটি সমূহক প্রতিবেদন দাখিল কৰিবৰ আহবান জনাইছিল ৷ বুধবাৰে প্ৰতিবেদন দাখিল কৰিছে ৰাস কমিটি সমূহে। ৰাস কমিটি সমূহে আগবঢ়োৱা এই প্ৰতিবেদন সমুহ চাই অহা দুই তিনি দিনৰ ভিতৰতে প্ৰশাসনৰ ফালৰ পৰা অৱগত কৰিব ৰাস কমিটি সমূহক।

সলনি হোৱাৰ আশা নাই মাজুলীৰ ৰাসক লৈ বান্ধি দিয়া প্রশাসনৰ নীতি নিয়ম
সলনি হোৱাৰ আশা নাই মাজুলীৰ ৰাসক লৈ বান্ধি দিয়া প্রশাসনৰ নীতি নিয়ম
ইপিনেদি প্রশাসনে বান্ধি দিয়া নীতি নিয়মৰ ভিত্তিত ৰাস কমিটি সমূহক প্রতিবেদন দাখিল কৰিবৰ আহ্বান জনাইছিল ৷ ইতিমধ্যে বুধবাৰে প্ৰতিবেদন দাখিল কৰিছে ৰাস কমিটি সমূহে। ৰাস কমিটি সমূহে আগবঢ়োৱা এই প্ৰতিবেদন সমূহ চাই অহা দুই তিনি দিনৰ ভিতৰতে প্ৰশাসনৰ ফালৰ পৰা অৱগত কৰিব ৰাস কমিটি সমূহক। ৰাস কমিটি সমূহে আহ্বান জনাইছে যে, প্রশাসনে বান্ধি দিয়া নীতি-নিয়মত কিছু শিথিলতা আনে, যাতে মাজুলীৰ গৌৰৱ এই ৰাস মহোৎসৱ সুন্দৰকৈ পাতিব পাৰে ।
লগতে পঢ়কঃ নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কি কৰিছে শুকুৰ আলীয়ে !