অসম

assam

ETV Bharat / state

মাজুলীত আবতৰীয়া ৰাসোৎসৱ উদযাপন - শ্ৰী কৃষ্ণৰ ৰাসলীলাত

ক’ভিড-১৯ ৰ বাবে বহু ৰংগমঞ্চ তথা সাংস্কৃতিক অনুষ্ঠানে ৰাসোৎসৱ ৰাস পূৰ্ণিমাত অনুষ্ঠিত কৰিব নোৱাৰিলে । সেই বাবেই এই বেলি মাঘৰ বিহুতে উদযাপন কৰা হৈছে ৰাস মহোৎসৱ ৷

মাজুলীত আবতৰীয়া ৰাসোৎসৱ উদযাপন
মাজুলীত আবতৰীয়া ৰাসোৎসৱ উদযাপন

By

Published : Jan 17, 2021, 12:27 PM IST

মাজুলী,17জানুৱাৰীঃসত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ প্ৰধান ধৰ্মীয় উৎসৱ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ । ৰাস পূৰ্ণিমাৰ পৰিৱৰ্তে মাঘৰ বিহুত অনুষ্ঠিত হৈছে এই বেলি ৰাসোৎসৱ । উল্লেখযোগ্য যে, ক’ভিড-১৯ ৰ বাবে বহু ৰংগমঞ্চ তথা সাংস্কৃতিক অনুষ্ঠানে ৰাসোৎসৱ ৰাস পূৰ্ণিমাত অনুষ্ঠিত কৰিব নোৱাৰিলে ।

যাৰ পৰিৱৰ্তে মাঘৰ বিহুত উদযাপন কৰিছে ৰাস । উজনী মাজুলীৰ অন্যতম সামাজিক অনুষ্ঠান "সৃষ্টি" নামৰ সংগঠনৰ উদ্যোগত ভকতি দুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰৰ সহযোগত মাঘ বিহু উপলক্ষে উদযাপন কৰিছে ৰাসোৎসৱ । সম্প্ৰতি ভকতি দুৱাৰ অঞ্চলত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে । ১৫ আৰু ১৬ জানুৱাৰী তথা অসমীয়া ১ আৰু ২ মাঘত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস লীলা উদযাপিত হৈছে । শীতৰ হিমসনা সেমেকা ৰাতিত অনুষ্ঠিত হোৱা ৰাসত সকলো পৰ্যটকৰ আকৰ্ষণীয় হোৱাকৈ আৰু দৰ্শকৰ পৰা সমাদৰ লাভৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ নতুন কাৰিকৰী কৌশলেৰে কংসালয়, নন্দালয় আৰু মহাৰাসৰ বিশেষ আকৰ্ষণ কৰি ৰাসলীলাৰ উদযাপন হৈছে।

মাজুলীত আবতৰীয়া ৰাসোৎসৱ উদযাপন

শ্ৰী কৃষ্ণৰ ৰাসলীলাত কংসৰ অট্ৰহাস্য, দৈৱকীৰ কান্দোন আৰু ষোল্লশ গোপীক লগত লৈ শৰতৰ ৰাতি যমুনাৰ তিৰত শ্ৰীকৃষ্ণই কৰা ৰাসকেলিৰ নয়নাভিৰাম দৃশ্যই মুহিলে শ শ দৰ্শকক । দৰিদ্ৰ, জটিল ৰোগত আক্ৰান্ত, আৰু মেধাৱী দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক আৰ্থিক অনুদান প্ৰদানৰ উদ্দেশ্যে ন্যাস গঠনৰ মানসৰে সৃষ্টিয়ে উদযাপন কৰা ৰাসত হাড়কপোৱা জাৰকো নেওচি দৰ্শক উপস্থিত হৈছে ।

লগতে পঢ়কঃ অসম চৰকাৰৰ সৌজন্যত মাজুলীত মাৰাথান দৌৰ প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details