মাজুলি,13 অক্টোবৰ : দেওবাৰে লক্ষ্মী পূৰ্ণিমা । লক্ষ্মী পূৰ্ণিমাৰ পৰা মাজুলী পৰ্যবসিত হ'ল দ্বিতীয় বৃন্দাবনলৈ । মাহজোৰা ব্যস্ততা আৰম্ভ সত্ৰপীঠৰ অৰ্ধ-শতাধিক মঞ্চ সত্ৰত ৷ মাজুলী ৰাসক লৈ ৫০০ বছৰীয়া পৰম্পৰাৰে বিস্তৃত কাৰ্যসূচী ৰূপায়ন ৷ শাৰদীয় পূৰ্ণিমাত মাজুলীৰ সত্ৰ মঞ্চত মঞ্চস্থ হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা । শিল্পী, কলা-কুশলী সকলো ৰাসক লৈ আখৰা তথা মঞ্চসজ্জা আৰু মুখা নিৰ্মাণত ব্যস্ত । দেওবাৰৰ সন্ধিয়াৰ পৰা বৰগীত তথা মোহন বাঁহী মধুৰ সুৰ আৰু নৃত্য গীতেৰে ৰাতি দুপৰলৈ মুখৰিত হৈ থাকিব মাজুলীৰ সকলো সত্ৰ ।
লক্ষ্মী পূৰ্ণিমাত মাজুলী ৰাসৰ নাট খোলা অনুষ্ঠান - মাজুলীৰ ৰাস অনুষ্ঠান
লক্ষ্মী পূৰ্ণিমাৰ দিনা মাজুলী ৰাসৰ নাট খোলা অনুষ্ঠান ৷ এতিয়াৰ পৰা মাজুলী হ'ব দ্বিতীয় বৃন্দাবন ৷ মাহজোৰা ব্যস্ততা আৰম্ভ সত্ৰপীঠৰ অৰ্ধ-শতাধিক মঞ্চ, সত্ৰত ৷
লক্ষ্মী পূৰ্ণিমাত মাজুলী ৰাসৰ নাট খোলা অনুষ্ঠান
উল্লেখযোগ্য যে, মাজুলীৰ ১২ খন সত্ৰৰ লগতে অৰ্ধ শতাধিক মঞ্চত শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুস্থিত হ'ব । ইফালে মাজুলী ৰাসক লৈ এইবাৰ ৰাজ্য চৰকাৰে পৰ্যটনৰ ক্ষেত্ৰত বিশেষ কাৰ্যসূচীৰ ঘোষণা কৰিছে । মাজুলী উত্তৰ কমলাবাৰী সত্ৰত ৫ দিনীয়াকৈ অনুস্থিত হ'ব ৰাস । মহাপুৰুষ শংকৰদেৱৰ আধ্যাত্মিক দৰ্শনৰ অন্তৰ্গত ৰাসৰ লগতে মণিপুৰ আৰু বৃন্দাবনৰ ৰাসৰ প্ৰদৰ্শনৰ আয়োজন কৰিছে কমলাবাৰী সত্ৰই ৷