মাজুলী, 8 নৱেম্বৰ :সোমবাৰৰ পৰা মাজুলীত আৰম্ভ হ’ল মাজুলীৰ গৌৰৱ, মাজুলীৰ পৰিচয় বহন কৰা ৰাস মহোৎসৱ (Majuli Raas Mahotsav 2022)। দ্বিতীয় বৃন্দাবনলৈ পৰ্যৱসিত হ’ল সত্ৰনগৰী মাজুলী । কৃষ্ণই কৰা ৰাসক্ৰীড়া চাবলৈ দেশী-বিদেশী পৰ্যটকে ভৰি পৰিছে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীত (Tourist gathering Majuli for Raas Mahotsav 2022)।
একপ্ৰকাৰে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে এতিয়া মাজুলীত । মাজুলীৰ প্ৰায় অৰ্ধ শতাধিক ৰংগমঞ্চ আৰু 14 খন সত্ৰত অনুষ্ঠিত হৈছে এই ৰাস মহোৎসৱভাগি । মাজুলীৰ বিভিন্ন সত্ৰৰ লগতে ঐতিহাসিক দক্ষিণপাট সত্ৰটো এক ব্যতিক্ৰমী পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ৷
183 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত অনুষ্ঠিত হৈছে ৰাস পূজা (Raas Puja 2022) ।
183 বছৰীয়া পৰম্পৰা অক্ষুন্ন ৰাখি সোণ আৰু ৰূপৰ মুকুট পিন্ধি কৃষ্ণ আৰু বলোৰামে কৰা নৃত্যই মন্ত্ৰমুগ্ধ কৰিছে দৰ্শক তথা ৰাসপ্ৰেমী ৰাইজক । উল্লেখ্য যে, দক্ষিণপাট সত্ৰৰ এই ৰাসত মহাপ্ৰভুৰ লগতে বৃন্দাবনত চন্দ্ৰ পূজনৰ সমান্তৰালকৈ কৃষ্ণ বলোৰামৰো পূজন হয় । আজি অৰ্থাৎ মঙলবাৰে দক্ষিণপাট সত্ৰত অনুষ্ঠিত হ’ব দিন ৰাস । এই দিন ৰাসক লৈ এতিয়া উৎফুল্লিত মাজুলীয়াল ৷