মাজুলীত বৈষ্ণৱ ছাত্ৰৰ চুলি কাটি নিলম্বিত হ'ল শিক্ষক - প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়া
মাজুলীত বৈষ্ণৱ ছাত্ৰৰ চুলি কাটি আউনিআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিলম্বিত হ'ল শিক্ষকৰ লগতে বদলি হ'ল প্ৰধান শিক্ষক

মাজুলী, ৩০ এপ্ৰিল : মঙলবাৰে পাঠ-দান এৰি মাজুলীত প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী লগতে সত্ৰৰ বৈষ্ণৱ ভকতে । চাৰিদিন পূৰ্বে মাজুলীৰ আউনিআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে বৈষ্ণৱ ছাত্ৰৰ চুলি কাটি দিছিল । এই ঘটনাই সৰ্বত্ৰে চাঞ্চল্য সৃষ্টি কৰাৰ লগতে বিদ্যালয়খনত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদৰ ৷ চতুৰ্থ দিনাও মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে উক্ত ঘটনাৰ বাবে আউনিআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ হিন্দি শিক্ষক কমল দত্ত আৰু সহ শিক্ষক ৰূপেশ্বৰ বৰাক নিলম্বিত কৰাৰ বিপৰিতে প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াক দক্ষিণ মাজুলী আঁহতগুৰি হাইস্কুললৈ বদলি কৰে ৷