মাজুলীত নিৰ্মীয়মান অৱস্থাতে চপৰা-চপৰে খহিছে পথ - majuli
উল্লেখ্য যে ৪ কোটি ৭৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই পথটিয়ে বহন কৰিব নোৱাৰে কোনো ডাঙৰ গাড়ীৰ ভাৰ ৷ কেৱল চাইকেলৰ অনুমতি থকা এই পথটো নিৰ্মীয়মান অৱস্থাতে এনেদৰে চপৰা চপৰা খহি অহাত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷
মাজুলী, 4 আগষ্টঃশূন্য সহনশীলতাৰে দূৰ্নীতি অনিয়মৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা খোদ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীত বিভিন্ন উন্নয়নমূলক আঁচনিত সঘনাই সংঘটিত হৈ আহিছে দুৰ্নীতি ৷ সততে উন্নয়ন আৰু পৰিবৰ্তনৰ কথা কোৱা মুখ্যমন্ত্ৰী গৰাকীৰ গৃহ সমষ্টিৰ পথ নিৰ্মাণ ব্যাপক অনিয়ম ৷ চপৰা চপৰে খহিছে প্ৰধানমন্ত্ৰী গ্ৰাম্য চৰক যোজনাৰ অধীনৰ মুদৈগাও- ধৌৱাচলা বনগাঁৱৰ এই মূল পথছোৱা ৷ উল্লেখ্য যে ৪ কোটি ৭৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই পথটিয়ে বহন কৰিব নোৱাৰে কোনো ডাঙৰ গাড়ীৰ ভাৰ ৷ কেৱল চাইকেলৰ অনুমতি থকা এই পথটো নিৰ্মীয়মান অৱস্থাতে এনেদৰে চপৰা চপৰা খহি অহাত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷