মাজুলী,২ জুন :জেৰাৰ নামত মাজুলীৰ গড়মূৰ আৰক্ষী থানাত চলিছে ভেকোঁভাওনা ! আৰক্ষীয়ে সঠিকৰূপত বিতৰ্কিত এছ আই জোনমণি ৰাভাক জেৰা নকৰাৰ অভিযোগ বিভিন্নজনৰ । বিভিন্নজনৰ প্ৰশ্ন আৰক্ষীৰ পোছাকত চেকা লগাৰ ভয়ত জোনমণি ৰাভাক সুৰক্ষা দিছে নেকি মাজুলী আৰক্ষীয়ে ?
উল্লেখ্য যে প্ৰৱঞ্চনাৰ অভিযোগত জোনমণি ৰাভাৰ প্ৰেমিক ৰাণা পগাগ গ্ৰেপ্তাৰ হোৱাৰ পাছতে বিভিন্ন ৰহস্য পোহৰলৈ আহিছিল (Rana Pogag fraud case)। প্ৰৱঞ্চনাৰ গোচৰত জোনমণি ৰাভাৰ নামো সাঙোৰ খাই পৰিছিল । আনকি একাংশ ভুক্তভোগীয়ে এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে (FIR against Junmoni Rabha)। সেই গোচৰৰ তদন্তৰ বাবেই মাজুলীৰ গড়মূৰ আৰক্ষীয়ে তলব কৰিছিল জোনমণি ৰাভাক ।
ইয়াৰ পাছতে বৃহস্পতিবাৰে পুৱাই থানাত উপস্থিত হয় বিতৰ্কিত এছ আই গৰাকী (SI Junmoni Rabha at Garmur police station)। তিনিটাকৈ গোচৰৰ ভিত্তিত জোনমণি ৰাভাক জেৰা চলায় মাজুলী আৰক্ষীয়ে (Majuli police interrogated SI Junmoni Rabha)।